ETV Bharat / state

মাজুলীত ক'ভিড কেয়াৰ চেন্টাৰৰ আৰ্হিত ভেলাঘৰ - bihu preparation

ভোগালীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷ সকলোৱে মিলি ভেলাঘৰৰ বাকৰিত এসাঁজ খোৱাৰ বাবে চলিছে প্ৰস্তুতি ৷ মাজুলীৰ ধোঁৱাচলা গাঁৱতো উৰুকাৰ আয়োজনক লৈ সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ ৷

মাজুলীত ক'ভিড কেয়াৰ চেন্টাৰৰ আৰ্হিত ভেলাঘৰ

author img

By

Published : Jan 12, 2021, 10:00 PM IST

মাজুলী, 12 জানুৱাৰী : অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভোগালীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷ ভেলাঘৰৰ বাকৰিত সকলোৱে মিলি এসাঁজ খোৱাৰ বাবে চলিছে প্ৰস্তুতি ৷ ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা হৈছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ । ক'ৰণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাচতে বিগত বছৰৰ বিভীষিকা পাহৰি ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷

মাজুলীত ক'ভিড কেয়াৰ চেন্টাৰৰ আৰ্হিত ভেলাঘৰ
মাজুলীত ক'ভিড কেয়াৰ চেন্টাৰৰ আৰ্হিত ভেলাঘৰ

মাজুলীৰ ধোঁৱাচলা গাঁৱত এতিয়া উৰুকাৰ আয়োজনক লৈ সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ । গাঁওখনৰ যুৱক সকলৰ লগতে সকলোৱে উৰুকাৰ বাবে সাজি উলিয়াইছে ক'ভিড কেয়াৰ চেন্টাৰৰ আৰ্হিত ভেলাঘৰ। উৰুকাৰ নিশা হাঁহি ধেমালিৰে এসাঁজ খোৱাৰ উপৰিও এই ভেলাঘৰৰ বাকৰিতে বিহুৰ দিনাখন স্থানীয় শিল্পীৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে উদ্যোক্তা সকলে।

লগতে পঢ়ক: 24 বছৰে মাঘৰ মেজি জ্বলা নাই কেকেৰীকুছিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.