মাজুলী, 16 ফেব্ৰুৱাৰী : বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(bhuban gam submit nomination papers at Majuli today) বুধবাৰে মাজুলীত মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ভুবন গামৰ মনোনয়ন দাখিলত অংশ ল’বলৈ পুৱাই মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰাকে আদি কৰি তেওঁৰ সমৰ্থকসকল ।
মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে মনোনয়ন দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সভাত অংশগ্ৰহণ কৰি মাজুলী উন্নয়নৰ অৰ্থে লোৱা বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ জনতাই এজেপি-কংগ্ৰেছৰ নাম পাহৰি গৈছে বুলি উল্লেখ বিৰোধীৰ সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷ তেওঁ কয় যে, বৰ্তমান মাজুলী সমষ্টিত কোনো ধৰণৰ প্ৰতিদ্বন্দিতা নহয় ৷ কাৰণ মাজুলীৰ জনসাধাৰণে এতিয়া উন্নয়ন বিচাৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মাজুলীত অভিলেখ সংখ্যক ভোটত জয়ী হোৱাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ লগতে তেওঁ পৰবৰ্তী সময়ত যোৰহাটেৰে দলঙেৰে আহি মাজুলী হৈ বিহপুৰীয়া যোৱাৰ আশা ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও ভুবন গামৰ মনোনয়নৰ সংগ দিবলৈ আহিছিল যদিও বিশেষ কামৰ বাবে তেওঁ এখন সভাত অংশগ্ৰহণ কৰি মুম্বাইলৈ যাত্ৰা কৰে ।
লগতে পঢ়ক : আজি মনোনয়ন পত্ৰ দাখিল কৰিব ভুবন গামে