মাজুলী, 8 আগষ্ট : পূৱ মাজুলীৰ বনগাঁৱত সোমবাৰে জাপান কাৰাটে এছ’চিয়েচনৰ(Japan Karate Association Majuli district Committee) মাজুলী শাখাৰ প্ৰশিক্ষাৰ্থীসকলক বেল্ট আৰু মানপত্ৰ প্ৰদান কৰা হয় । এই উপলক্ষে বনগাঁও গাঁও পঞ্চায়তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয় । জাপান কাৰাটে এছ’চিয়েচন সন্থাৰ সম্পাদকে আঁত ধৰা সভাখনৰ সভাপতি হিচাপে পৰিচালনা কৰে পূৱ মাজুলী কাৰাটে সন্থাৰ সভাপতি পূৰ্ণ শইকীয়াই ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত বৰগীতেৰে মঞ্চ মুকলি হোৱা সভাখনত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই মাজুলীৰ বিধায়ক ভুৱন গামে(Majuli MLA Bhuban Game) । উক্ত অনুষ্ঠানত জাপান কাৰাটে এছ’চিয়েচনৰ মাজুলীৰ প্ৰশিক্ষাৰ্থীসকলক বিধায়ক ভুৱন গামে বেল্ট আৰু মানপত্ৰ প্ৰদান কৰে ।
উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মাজুলী জিলা বিজেপি সভাপতি বিৰেণ শইকীয়া(Majuli district BJP president Biren Saikia), দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মাজুলী বিজেপি সম্পাদক মানিক শইকীয়া, বনগাঁও গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে অভিভাৱকসকল ।
লগতে পঢ়ক : Assam Agricultural University : সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি