মাজুলী, ৬ মাৰ্চ: বুধবাৰে মাজুলী সুৰক্ষা সমন্ধীয় বিষয়ৰ ওপৰত এক আলোচনা চক্ৰত মিলিত হয় মাজুলীৰ সমূহ সত্ৰাধিকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । জিলা উপায়ুক্ত সভা কক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে সত্ৰাধিকাৰ সকলে । আলোচনা চক্ৰত মাজুলী নিমতী দলঙ প্ৰসংগ, মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ ওপৰত পদক্ষেপ গ্ৰহণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰভাগ মাজুলী শিপিনীৰ হতুৱাই তৈয়াৰ কৰা, এখন প্ৰদূষণমুক্ত মাজুলী নিৰ্মাণ কৰা আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।
বৈঠকৰ শেষত সত্ৰাধিকাৰ সকলে জানিবলৈ দিয়ে যে, তেওঁলোকে উত্থাপন কৰা বিষয় কেইটা মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্বসহকাৰে লোৱাৰ লগতে এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে ।