ETV Bharat / state

মাজুলী যোৰহাট সংযোগী দলংখন এখনি পুতলা দলং: লুৰীণ জ্যোতি গগৈ - মাজুলী যোৰহাট সংযোগী দলং

মাজুলী যোৰহাট সংযোগী দলংখন হৈছে এখনি পুতলা দলং ৷ প্ৰকৃতাৰ্থত ৰাজনৈতিক নেতাসকলে এই দলংখন কেৱল মাত্ৰ ভোট সংদ্ৰহৰ বাবে ব্যৱহাৰ কৰি আহিছে ৷ মঙলবাৰে মাজুলীত সংবাদ মেল আয়োজন কৰি এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে (Lurin Jyoti Gogoi in Majuli) ৷

Lurin Jyoti Gogoi in Majuli
মাজুলী যোৰহাট সংযোগী দলংখন এখনি পুতলা দলং : লুৰীণ জ্যোতি গগৈ
author img

By

Published : Sep 13, 2022, 9:56 PM IST

মাজুলী, 13 ছেপ্টেম্বৰ : মাজুলীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈসহ এটা প্ৰতিনিধি দল (Lurin Jyoti Gogoi in Majuli) ৷ এই প্ৰতিনিধি দলটোৰ হৈ মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মাজুলীৰ গড়মূৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত আয়োজন কৰে এখনি সংবাদ মেলৰ ৷ এই সংবাদ মেলতে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷

এই সংবাদ মেলতে লুৰীণ জ্যোতি গগৈয়ে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় ৷ কিয়নো স্বাধীনতাৰ পাচৰ পৰা অসমৰ বান আৰু গৰাখহনীয়াত যিমান হেৰুৱাব লগীয়া হৈছে দেশৰ বাকী কেইখন ৰাজ্য মিলালেও সিমান হেৰুৱাব লগীয়া হোৱা নাই বুলি এই সংবাদ মেলত মন্তব্য কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

মাজুলী যোৰহাট সংযোগী দলংখন এখনি পুতলা দলং : লুৰীণ জ্যোতি গগৈ

লগতে মাজুলীৰ স্বাস্থ্যখণ্ড আজিও পয়ালগা অৱস্থাত আছে বুলি অভিহিত কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

ফলত সামান্য এটা বেমাৰৰ বাবেও চিকিৎসা কৰিবলৈও মাজুলীবাসীয়ে যাব লাগে অন্য ঠাইলৈ বুলি মন্তব্য কৰে গগৈয়ে ৷ ইফালে মাজুলী যোৰহাট সংযোগী দলংখনক (Jorhat Majuli bridge) পুতলা দলং আখ্যা দিয়ে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে । আধাৰশিলা, ভূমি পূজন কৰি কৰি প্ৰকৃতাৰ্থত মাজুলীৰ সাধাৰণ লোকৰ পৰা ভোট সংগ্ৰহ কৰি থকাৰ অভিযোগ নেতাগৰাকীৰ ।

লগতে পঢ়ক : কাৰ ভুলৰ বাবে ধোঁৱাচাঙত খোৱাঙৰ স্বচ্ছ ভাৰত আঁচনি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.