ETV Bharat / state

CM at Majuli Raas: মাজুলীত হেপাহ পলুৱাই ৰাস চালে মুখ্যমন্ত্ৰীয়ে - Majuli Bridge

মাজুলীত ৰাস উপভোগ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM visits Majuli on the holy occasion of Raas) ৷ ৰাস চাই আপ্লুত হৈ শিল্পীৰ অভিনয়ৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী ৷

majulinews
ৰাসৰ পৱিত্ৰ ক্ষণত মাজুলীলৈ মুখ্যমন্ত্ৰী
author img

By

Published : Nov 9, 2022, 11:37 AM IST

মাজুলী, 9 নৱেম্বৰ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰাসৰ জোৱাৰ ৷ দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছেহি ৰাসৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসম গৌৰৱ মাজুলী ৷ সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত উখল-মাখল মাজুলীৰ পৰিৱেশ ৷

ৰাস উপভোগ কৰিবলৈ মাজুলীলৈ অহা মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনালে মাজুলীবাসীয়ে (Assam CM visits Majuli) ৷ মাজুলীবাসীৰ অতিথিপৰায়ণতা দেখি অভিভূত হৈ পৰিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মাজুলীৰ তিনিখন সত্ৰৰ দুখন ৰাস মঞ্চত ৰাস উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

ৰাসৰ পৱিত্ৰ ক্ষণত মাজুলীত মুখ্যমন্ত্ৰী

মুখা শিল্পৰ বাবে বিখ্যাত শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰ, শ্রীশ্ৰী ভোগপুৰ সত্ৰ, বেঙেনাআটি সত্ৰ, গড়মূৰ বংশী গোপাল নাট্য মন্দিৰ আৰু জেংৰাইমুখত মঙলবাৰে নিশা ৰাস উপভোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে অধিক উৎসাহী কৰি তোলে মাজুলীবাসীৰ লগতে ৰাসত অভিনয় কৰা শিল্পী সকলক ৷

মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে মাজুলীৰ ৰাস চাবলৈ আহবান জনায় ৷ তেওঁ কয় যে মাজুলীৰ ৰাস ভক্তি ৰসেৰে পৰিপূৰ্ণ । বাণিজ্যিকতাৰ পৰা আঁতৰত এই মাজুলীৰ ৰাসে সকলোকে আমোদ প্ৰদান কৰিব বুলি আশা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মাজুলীত দুখনকৈ দলং নিৰ্মাণ কৰাৰ কথা উল্লোখ কৰি তেওঁ লগতে কয় যে এই কাম সোনকালে হ’বলৈ মাজুলীবাসীৰ সহায় সহযোগিতাৰ নিন্তাতই প্ৰয়োজন (Majuli Bridge) । ইফালে মাজুলীৰ পৰা বিহপুৰীয়ালৈ যাবলৈ ধুনাগুৰি ঘাটত যি দলং হব তাৰ কামো ডিচেম্বৰ মাহত আৰম্ভণি হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মাজুলীৰ স্বাস্থ্য খণ্ডৰ ওপৰতো মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে মাজুলীৰ এই দলং দুখনৰ লগতেই মাজুলীৰ স্বাস্থ্য খণ্ডৰ বিষয়টো জড়িত হৈ আছে ৷ দলং দুখন হ’লেই মাজুলীত ডাক্তৰৰ কোনো অভাৱ নহ’ব বুলি জানিবলৈ দিয়ে তেওঁ ।

লগতে পঢ়ক : Majuli Raas festival: চামগুৰি সত্ৰত ৰাস উপভোগ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.