ETV Bharat / state

Assam CM on Tejaswita death: কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল ? গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ - Assam CM policy lessons to Majuli journalist

মাজুলীৰ চিকিৎসা সেৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM remarks on Majuli Heath service)। তেজস্বিতাৰ মৃত্যু সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে । মাজুলীৰ স্থানীয় সাংবাদিকক নীতি শিক্ষা প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে । মাজুলীলৈ চিকিৎসক কিয় আহিবলৈ ভয় কৰে তাৰো যুক্তি দিলে মুখ্যমন্ত্ৰীয়ে ।

Majuli
কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল
author img

By

Published : Nov 9, 2022, 2:03 PM IST

মাজুলী,৯ নৱেম্বৰ : মাজুলীত তেজস্বিতা বৰুৱাৰ মৃত্যু কেনেকৈ হৈছিল (Majuli Tejaswita death) ? কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল ? সমগ্ৰ বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে যদিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে তেজস্বিতাৰ মৃত্যুৰ কিছুদিন পূৰ্বৰে পৰা পিতৃ-মাতৃয়ে দৰৱ দিবলৈ বন্ধ কৰিছিল (Assam CM on Tejaswita death case)। সেয়ে সকলো সময়তে চিকিৎসকক দোষাৰোপ নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ । মাজুলীত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ ।

কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল

তেজস্বিতাৰ মৃত্যুৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিককো নীতি শিক্ষা দিলে (Assam CM policy lessons to Majuli journalist)। তেওঁৰ মতে মাজুলীৰ চিকিৎসালয়খন ঠিকে আছে । ৫ বছৰ আগতকৈ চিকিৎসালয়খন বেছি ভালহে হৈছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ সাংবাদিকৰ ভূমিকাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে ।

সাংবাদিকৰ ভূমিকাৰ বাবে মাজুলীলৈ চিকিৎসক আহিবলৈ ভয় কৰে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ মতে সাংবাদিকে গঠনমূলক চিন্তা কৰিব লাগিব । চিকিৎসকসকলক মৰম কৰি ৰাখিব লাগিব । চিকিৎসকসকলৰ ভাল কামক লৈ নিউজ কৰিব লাগিব বুলিও তেওঁ আহ্বান জনায় ।

মাজুলীৰ স্থানীয় সাংবাদিকে এইক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি তেওঁ উল্লেখ কৰে । কিন্তু কিছুমান ঘটনাত সাংবাদিকে এনেদৰে জপিয়াই পৰে, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে মাজুলীলৈ চিকিৎসক পঠিয়াব নোৱাৰে । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে চিকিৎসকৰ ভুল হব পাৰে, কাৰণ তেওঁলোক ভগৱান নহয় । ইফালে একেখিনি চিকিৎসকে আমাক ক'ভিডৰ পৰা বচালে বুলিও তেওঁ কয় ।

সাংবাদিকসকলক উভতি ধৰি তেওঁ কয় যে সাংবাদিকে চিকিৎসকসকলক ভিলেইন সজাই দিলে ৷ কিন্তু মুখ্যমন্ত্ৰীয়েতো চিকিৎসা কৰিব নোৱাৰে বা বিধায়কে চিকিৎসা কৰিব নোৱাৰে । সেয়ে মুখ্যমন্ত্ৰীয়ে সাংবাদিকক হাত জোৰ কৰি অনুৰোধ জনাই যে ৬ মাহ মাজুলীৰ চিকিৎসালয় চৰকাৰৰ হাতত এৰি দিয়ক দেখিব ভাল হৈ যাব ।

তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত উপায়ুক্তৰ ৰিপৰ্টত বিপৰীত তথ্য পোহৰলৈ আহিছে বুলিও তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰীৰ মতে তেজস্বিতাক চিকিৎসকে যি ঔষধ দিছিল, পিতৃ-মাতৃয়ে সেয়া বন্ধ কৰি দিছিল ।

মুখ্যমন্ত্ৰীৰ মতে চিকিৎসকৰ চাকৰিৰ অভাৱ নাই । ৰাইজৰ পৰা বিপদৰ সন্মুখীন হোৱাৰ উমান পালেই মাজুলীৰ পৰা চিকিৎসক গুচি যায় বুলি তেওঁ অভিযোগ কৰে । আনহাতে মাজুলীৰ চিকিৎসালয়ৰ উন্নয়নৰ প্ৰসংগত তেওঁ কয় যে মাত্ৰ ৬ মাহতে মাজুলীৰ চিকিৎসালয়সমূহলৈ সকলো সুবিধা আনিব পৰা যাব ।

ৰেডিঅ'ল'জিষ্ট অভাৱৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এগৰাকী ৰেডিঅ'ল'জিষ্টে ব্যক্তিগত হাস্পতালত ৫ লাখ টকা পায় । কিন্তু মাজুলীলৈ আহিলে মাত্ৰ ৮০ হাজাৰ টকা পাব । সেয়ে তেওঁলোকক মৰম চেনেহৰে বান্ধি ৰাখিবলৈ তেওঁ সাংবাদিকৰ লগতে মাজুলীবাসীক আহ্বান জনায় । ইফালে মাজুলী আৰু চিকিৎসালয়ৰ ক্ষেত্ৰত সাংবাদিকসকলে অলপ নিজকে অন্তৰ্মুখী দৃষ্টিভংগীৰে চোৱা উচিত বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :CM at Majuli Raas: মাজুলীত হেপাহ পলুৱাই ৰাস চালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.