ETV Bharat / state

বুঢ়ালুইতত স্নান কৰিলে মাজুলীৰ সত্ৰাধিকাৰ-বৈষ্ণৱে - অশোকাষ্টমী

আজি ব’হাগ বিহুৰ উৰুকাৰ সমান্তৰালকৈ পবিত্ৰ অশোকাষ্টমী ৷ শাস্ত্ৰ অনুসৰি অশোকাষ্টমীৰ পবিত্ৰ দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে ব্ৰহ্মপদ লাভ হয় ৷

পবিত্ৰ অশোকাষ্টমীত বুঢ়ালুইতত স্নান কৰিলে মাজুলীৰ সত্ৰাধিকাৰ বৈষ্ণৱে
author img

By

Published : Apr 13, 2019, 10:10 AM IST

মাজুলী , 13 এপ্ৰিল : আজি অসমীয়াৰ হেঁপাহৰ ব’হাগ বিহুৰ উৰুকা ৷ সমান্তৰালভাৱে আজি পবিত্ৰ অশোকাষ্টমী ৷ সেই উপলক্ষে শনিবাৰে মাজুলীৰ দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ সহিত সমূহ বৈষ্ণৱে ব্ৰহ্মপুত্ৰত স্নান কৰে ৷

পবিত্ৰ অশোকাষ্টমীত বুঢ়ালুইতত স্নান কৰিলে মাজুলীৰ সত্ৰাধিকাৰ বৈষ্ণৱে

হিন্দু শাস্ত্ৰৰ মতে মাঘী সপ্তমী আৰু অশোকাষ্টমীৰ দিনা মহাবাহু ব্ৰহ্মপুত্ৰ নদী দুদিনৰ বাবে পবিত্ৰ হয় । শাস্ত্ৰত উল্লেখ কৰা অনুসৰি অশোকাষ্টমীৰ পবিত্ৰ দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে ব্ৰহ্মপদ লাভ হয় ৷ সেয়ে আজি পুৱা দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ লগতে বৈষ্ণৱ সকলে ফুল তুলসী নৈবেদ্য আদি আগবঢ়াই ব্ৰহ্মপুত্ৰত স্নান কৰি বেদৰ মন্ত্ৰোচ্ছাৰণ কৰে ৷ স্নানৰ পাচত সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে ভগৱৎ আৰাধনা কৰাৰ লগতে সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনায় ।

পবিত্ৰ অশোকাষ্টমীত বুঢ়ালুইতত স্নান কৰিলে সত্ৰাধিকাৰ বৈষ্ণৱে।।                   
 
 V.O -  আজি অসমীয়াৰ হেপাঁহৰ প্ৰানৰ ,বহাগ বিহুৰ উৰুকা । সমান্তৰালভাৱে আজি পবিত্ৰ অশোকাষ্টমী। হিন্দু শাস্ত্ৰৰ মতে মহাবাহু ব্ৰহ্মপুত্ৰ নদী দুদিনৰ বাবে পবিত্ৰ হয় মাঘী সপ্তমী আৰু অশোকাষ্টমী।অশোকাষ্টমীত ব্ৰহ্মপুত্ৰ ত স্নান কৰিলে ব্ৰহ্মপদ লাভ হয় । সেয়েহে আজি এই পবিত্ৰ দিনটোত ঐতিহাসিক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ সহিতে সমূহ বৈষ্ণৱে আজি শাস্ত্ৰৰ বিধি অনুসৰি স্নান কৰে। পূৱাতে সত্ৰাধিকাৰ গৰাকীৰ লগতে বৈষ্ণৱ সকলে ফুল তুলসী নৈবেদ্য আগবঢ়া ই স্নান কৰি বেদৰ মন্ত্ৰোচ্ছাৰন কৰে। স্নানৰ পিছত সত্ৰাধিকাৰ ননীগোপাল গোস্বামী য়ে ভগবৎ আৰাধনা কৰাৰ লগতে সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনায় ।

মাজুলীৰ পৰা যদুমনি শইকীয়া ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.