ETV Bharat / state

মাজুলী মণ্ডল কানুনগো সন্মিলনীৰ পেন ডাউন কাৰ্যসূচী

মাজুলীৰ জেংৰাইমুখ আৰক্ষীৰ আক্ৰোষসমূলক কাৰ্যত ক্ষুদ্ধ মাজুলী মণ্ডল কানুনগো সন্মিলনীৰ কৰ্ম-কৰ্তা। পেন ডাউন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত।

author img

By

Published : Oct 22, 2020, 1:44 PM IST

মাজুলী মণ্ডল কানুনগো সন্মিলনীৰ পেন ডাউন কাৰ্যসূচী
মাজুলী মণ্ডল কানুনগো সন্মিলনীৰ পেন ডাউন কাৰ্যসূচী

মাজুলী, ২২ অক্টোবৰ: আৰক্ষীৰ মইমতালিৰ বিৰোধিতাৰে মাজুলী মণ্ডল কানুনগো সন্মিলনীয়ে বৃহস্পতিবাৰে পেন ডাউন কাৰ্যসূচী ৰূপায়ণ কৰে। কেইদিনমান পূৰ্বে তেওঁলোকৰ এগৰাকী সতীৰ্থ বিতুপন দাসক কতব্যৰত অৱস্থাত জেংৰাইমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতে ক্ষুদ্ধ হৈ পৰে সন্মিলনীৰ কৰ্ম-কৰ্তা। জিলাখনৰ ৪টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বাকৰিত প্ৰতিবাদ সাব্যস্ত কৰে।উচ্চস্তৰীয় তদন্তৰ নকৰিলে এই প্রতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। বিতুপন দাসক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে হাতত হাতকেৰেয়া লগাই ৰাজহুৱা স্থানত ঘূৰাই ফুৰোৱাৰ অভিযোগ উত্থাপন কৰিছে সন্মিলনীয়ে। মণ্ডল কানুনগো সন্মিলনীৰ এই প্ৰতিবাদৰ ফলত অচল হৈ পৰিছে মাজুলী ৰাজহ চক্ৰৰ সকলো কাম কাজ ।

লগতে পঢ়ক:মৃতদেহক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.