অসমৰ ২৪ খন জিলাত পোৱা গৈছে ভয়াৱহ আৰ্ছেনিকৰ উপস্থিতি, ৰাজ্যৰ ৬,৮৮১ টা এলেকাৰ ভূ-গৰ্ভৰ পানীত আছে আৰ্ছেনিকৰ অৱস্থিতি ৷ ভূ গৰ্ভৰ জলত থকা মাত্ৰাধিক আৰ্ছেনিক আৰু ফ্লৰাইড থকাৰ ফলত ভূগৰ্ভৰ জল সেৱন কৰিলে মানৱ দেহত দেখা দিব পাৰে ভয়ানক ৰোগে ৷ চৰকাৰী তথ্য মতে এই পৰ্যন্ত ৰাজ্যৰ ১৩ খন জিলাৰ ৮৩০ টা এলেকাত পোৱা গৈছে ফ্লৰাইড আৰু আৰ্ছেনিকৰ উপস্থিতি ৷ ফ্লৰাইড আৰু আৰ্ছেনিকযুক্ত ভূগৰ্ভৰ জল সেৱন কৰাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুলোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগত ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰ্ছেনিকৰ প্ৰভাৱ থকা অঞ্চলসমূহ চিনাক্ত কৰিছে যদিও এই পৰ্যন্ত মুক্ত হ'ব পৰা নাই আৰ্ছেনিকৰ ভয়াৱহতাৰ পৰা ৷
বিশেষকৈ ৰাজ্যখনৰ বৰপেটা,বাক্সা,বঙাইগাঁও,কাছাৰ,দৰং,ধেমাজি, ধুবুৰী,গোৱালপাৰা,গোলাঘাট,হাইলাকান্দি,যোৰহাট, কামৰূপ,কৰিমগঞ্জ,লখিমপুৰ,মৰিগাঁও,নগাঁও, নলবাৰী,শিৱসাগৰ,শোণিতপুৰ,কোকৰাঝাৰ,মাজুলী আদি জিলা সমূহত৷ ইতিমধ্যে আৰ্ছেনিকৰ প্ৰভাৱত মাজুলী আৰু দৰঙৰ পাতিদৰঙত ভয়ংকৰ ৰূপ লৈছে কৰ্কট আদি ৰোগে ৷ আৰ্ছেনিকযুক্ত পানী পৰিশোধন নকৰাকৈ সেৱন কৰাৰ বাবে বহু লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ চৰকাৰে ২২৭ টা আৰ্ছেনিকমুক্ত আৰু ৪০ টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে যদিও এতিয়াও আৰ্ছেনিকৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা নাই ৰাজ্যৰ জনসাধাৰণক ৷ চৰকাৰে আৰ্ছেনিকৰ সমস্যাক গুৰুত্ব দিয়াৰ সলনি কেৱল উৎসন পাৰ্বন পাতি থাকোতেই দিন পাৰ হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ ভাৱিবলৈ সময় নাই এইবোৰ বিষয়ত ৷ মন্ত্ৰীত্বৰ দায়িত্ব লৈ নিধিৰাম চৰ্দাৰ হৈ বহি থকাৰ ফল ভুগিব লগা হৈছে সাধাৰণ ৰাইজে৷ আৰ্ছেনিকমুক্ত পানী উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে ১২২ টা আঁচনিত অনুমোদন জনাইছিল যদিও সেয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ৷ বিপৰীতে দিনে দিনে আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত পানী সেৱন কৰি মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব লাগিছে ৷ ধংস হৈছে একো একোখন ঘৰ, পৰিয়াল তথা বৃহত্তৰ অঞ্চল ৷
আৰ্ছেনিক কি?
পৃথিৱীত থকা ধাতৱীয় আৰু অৰ্ধধাতৱীয় মৌলিক পদাৰ্থ সমূহৰ ভিতৰত আৰ্ছেনিক হৈছে এবিধ অৰ্ধধাতৱীয় মৌলিক পদাৰ্থ ৷ বিজ্ঞানীসকলৰ অধ্যয়ন অনুসৰি পৃথিৱীৰ খোলাটোৰ প্ৰায় ০.০০০২ শতাংশ অৰ্থাৎ ২ নিযুতাংশ ভৰি আছে আৰ্ছেনিকৰে ৷ সাধাৰণতে আৰ্ছেনিক বিভিন্ন কামত ব্যৱহাৰ কৰা হয় যদিও গোটা অৱস্থাৰ মৌলিক আৰ্ছেনিক আটাইতকৈ বিষাক্ত বুলি প্ৰকাশ কৰিছে বিজ্ঞানীসকলে ৷ সাধাৰণতে মুক্ত অৱস্থাত এই বিষাক্ত মৌলবিধ পোৱা নাযায় যদিও অক্সিজেন, হাইড্ৰ’জেন আদি মৌলৰ লগত বিভিন্ন অনুপাতত মিলি থাকি অদৃশ্য যৌগ বা যৌগিক আয়নৰ ৰুপত পানীত দ্ৰৱীভূত হৈ থাকে ৷ উল্লেখ্য যে এই আটাইকেইবোৰ মৌলয়েই কম বেছি পৰিমাণে বিষাক্ত বুলি প্ৰমাণিত হৈছে ৷ আনহাতে আৰ্ছেনিকত থকা আন এটা বিষাক্ত যৌগ হৈছে আৰ্ছিন গেছ ৷ এই আৰ্ছিন গেছত এটা আৰ্ছেনিকৰ পৰমানু তিনিটা হাইড্ৰ’জেন পৰমাণুৰ লগ লাগি থাকে অবিৰাম ৷ বিপৰীতে আৰ্ছেনিকৰ আন এটা বিষাক্ত গোটা যৌগিক পদাৰ্থ হ'ল আৰ্ছেনিক ট্ৰাই অক্সাইড যিয়েই সাধাৰণতে ভূজল প্ৰদুষিত কৰে যাৰ বাবে ব্যাপক মাত্ৰাত আৰ্ছেনিকযুক্ত পানী সেৱন কৰাৰ ফলত মানৱ দেহত মাৰাত্মক ৰোগে দেখা দিব পাৰে ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল খোৱা পানীত আৰ্ছেনিক আছে নে নাই সেয়া সাধাৰণভাৱে জানিব পৰা নাযায় ৷ যেনেদৰে পানীত আইৰণ আছে নে নাই সহজে জানিব পৰা যায় ৷ সেয়ে খোৱা পানীত আৰ্ছেনিকৰ উপস্থিতি থাকিলেও গম পোৱা নাযায়৷ পানীত আৰ্ছেনিকৰ পৰিমাণ নিৰূপণ কৰাটো বিভিন্ন কাৰণত এটা জটিল প্ৰক্ৰিয়া ৷ সাধাৰণতে নৈ,বিল,জলাশয় আদিৰ পৰা খাবলৈ সংগ্ৰহ কৰা পানীৰ ক্ষেত্ৰত সাধাৰণতে গৰম কৰি উতলাই খোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ কিয়নো প্ৰাকৃতিকভাৱে পোৱা ভূ-জলত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে বিভিন্ন প্ৰান্তত যিয়ে পৰৱৰ্তী সময়ত মাৰাত্মত ৰূপ ধাৰণ কৰিছে ৷
লগতে চাওকঃ বঙাইগাঁও ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিলে চিৰাঙৰ নিৰুদ্দিষ্ট ৭ বছৰীয়া শিশু