ETV Bharat / state

Ankiya Bhaona Samaroh in Majuli: ভাওনা সমাৰোহক লৈ তৃতীয় দিনাও উখল মাখল সত্ৰনগৰী মাজুলী - সদৌ অসম অংকীয়া ভাওনা সমাৰোহ

মাজুলীৰ চামগুৰিৰ ঐতিহাসিক খাটপথাৰত তিনিদিনীয়া আয়োজিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ আজি অন্তিম দিন ৷ ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ আনহাতে আজি নিশা প্ৰদৰ্শিত হ'ব ৪ খনকৈ ভাওনা ।

Ankiya Bhaona Samaroh in Majuli
ভাওনা সমাৰোহক লৈ তৃতীয় দিনাও উখল মাখল সত্ৰনগৰী মাজুলী
author img

By

Published : Jan 8, 2023, 4:06 PM IST

ভাওনা সমাৰোহক লৈ তৃতীয় দিনাও উখল মাখল সত্ৰনগৰী মাজুলী

মাজুলী, ৮ জানুৱাৰী: উখল মাখল পৰিবেশে বিৰাজ কৰিছে সত্ৰনগৰী মাজুলীৰ প্ৰাচীন চামগুৰিৰ খাটপথাৰত(All Assam Ankiya Bhaona Samaroh begins in Majuli) । মাজুলীৰ চামগুৰিৰ ঐতিহাসিক খাটপথাৰত ৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম অংকীয়া ভাওনা সমাৰোহলৈ অগণন লোকৰ সমাবেশ ঘটিছে ৷ আজি তৃতীয় তথা অন্তিম দিনা অংকীয়া ভাওনা সমাৰোহত কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে(Ankiya Bhaona Samaroh in Majuli) ৷

আজি অন্তিম দিনাৰ কাৰ্যসূচীৰ লগতে সংগতি ৰাখি দিনৰ ভাগত এক বৰ্ণাঢ্য সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্রাত মাজুলীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৫০ টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে । আজি দিনৰ ভাগত আন কেইবাটাও কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে নিশা ভাগলৈ একে সময়তে চাৰিখনকৈ ভাওনা প্রদর্শন কৰা হ’ব(Bhaona Performance in Majuli) । উল্লেখ্য যে শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এই সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অমিয়া সৃষ্টি অংকীয়া ভাওনা সেই অমৰ সৃষ্টিক জীয়াই ৰখাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই অংকীয়া ভাওনা সমাৰোহৰ । এই অংকীয়া ভাওনা সমাৰোহৰ প্ৰথম দিনা পুৱা ভাগত পুৱা নাম প্ৰসংগ, তাৰ পাছত ভাওনা সমাৰোহৰ পতাকা উত্তোলন, ১০০০ গৰাকীৰ অধিক মাজুলীৰ বিভিন্ন প্ৰান্তৰ আইসকলৰ দিহানাম, ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ উপৰিও দিনৰ ভাগত আৰু বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নিশা একে সময়তে তিনিটা নামঘৰত প্ৰদৰ্শন হয় তিনিখনকৈ অংকীয়া ভাওনা ।

বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অংকীয়া ভাওনা সমাৰোহৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বড়া । জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি অমিয়া সৃষ্টি অংকীয়া ভাওনা সেই অমৰ সৃষ্টি জীয়াই ৰাখিবৰ বাবেই মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰই আয়োজন কৰা এই অংকীয়া ভাওনা সমাৰোহৰ প্রশংসা কৰে মন্ত্ৰী বিমল বড়াই । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অংকীয়া ভাওনা মহোৎসৱত আজিৰ শেষৰ দিনটোতো সকলোৰে উপস্থিতিৰ লগতে সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক : Migratory birds flock at Kodomoni Bill: ভিন্ন পক্ষীৰ কলৰৱত মুখৰিত টিংখাঙৰ গেলা দিচাং কদমনি বিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.