মাজুলী,৩ ছেপ্তেম্বৰ : নামনি সোঁৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ (Subansiri Lower Hydroelectric Project) নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত পুনৰ প্ৰতিবাদ । জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত এইবাৰ মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Asom Jatiyatabadi Yuba Chatra Parishad) গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে । জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত সংগঠনটোৰ মাজুলী জিলা সমিতিয়ে শুকুৰবাৰে কমলাবাৰী চাৰিআলিত দিনৰ ১১ বজাৰ পৰা গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ।
কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদ স্থলীৰ পৰা তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু NHPC কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰি কয় যে মাজুলী, ধেমাজি ,লখিমপুৰ আদিকে ধৰি উত্তৰ অসমৰ লক্ষ লক্ষ জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বৃহৎ নদীবান্ধ কোনো কাৰণতে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দিয়া নহ'ব । গণ অৱস্থান কাৰ্যসূচীত মাজুলী জিলা ছাত্ৰ সন্থাৰ (AASU) কৰ্মীসকলেও অংশগ্ৰহণ কৰে ।
ছাত্ৰ সন্থাৰ নেতৃত্বই দৃঢ়তাৰে কয় যে সোঁৱনশিৰি নদী বান্ধে অসমৰ সভ্যতা সংস্কৃতি আৰু ইতিহাস সম্পূৰ্ণৰূপে ধ্বংস কৰিব । আনহাতে উন্নয়নৰ নামত অসমৰ ভৌগোলিক সৌন্দৰ্য ধ্বংস কৰিব বিচৰা নামনি সোঁৱনশিৰি নদী বান্ধৰ তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ সন্থাৰ নেতৃত্বই । ইফালে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু এনএইচপিচিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে ইয়াৰ কাম বন্ধ নকৰিলে ভয়াৱহ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক :বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !