ETV Bharat / state

African Swine Fever Panic: মাজুলীত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

author img

By

Published : Jan 7, 2022, 10:32 PM IST

মাজুলীৰ মহৰিচুক গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ আতংকই দেখা দিছে (African Swine Fever Panic in Majuli) ৷ ছোৱাইন ফিভাৰৰ কবলত পৰি ইতিমধ্যে মৃত্যুমুখত পৰিছে বহু গাহৰি ৷ ইয়াৰ পিছতেই মাজুলী জিলা প্ৰশাসনে মহৰিচুক গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷

Swine Fever Panic
মাজুলীত আফ্ৰিকান ছোৱাইন ফিভাৰ আতংক

মাজুলী, 7 জানুৱাৰী : মাজুলীৰ মহৰিচুক গাঁৱত অস্বাভাৱিকভাৱে মৃত্যু হৈছে গাহৰিৰ । মাজুলীৰ পশু চিকিৎসা বিভাগে মৃত্যু হোৱা গাহৰিৰ নমুনা সংগ্ৰহ কৰাৰ পিছতে এই নমুনাত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰিছিল (African Swine Fever Panic in Majuli)। ইয়াৰ পিছতে পশু চিকিৎসা বিভাগে মহৰিচুক গাঁৱক ছোৱাইন ফিভাৰৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰে ।

শুকুৰবাৰে গুৱাহাটীৰ পৰা এটা চিকিৎসকৰ দল মাজুলীৰ মহৰিচুকত উপস্থিত হৈ গাহৰিসমূহ অন্য স্থানত পুতিবলৈ লৈ যায় । মাজুলী পশু চিকিৎসা বিভাগৰ জৰীপ অনুসৰি গাঁওখনৰ এক কিল’মিটাৰ ব্যাসাৰ্ধত ১৮৮ টা গাহৰি আছে আৰু সেই গাহৰিখিনিক নিৰ্দিষ্ট স্থানত পশু চিকিৎসা বিভাগৰ দ্বাৰা পুতি পালোৱা হয় ৷

মাজুলীত আফ্ৰিকান ছোৱাইন ফিভাৰ আতংক

উল্লেখ্য যে, নদীদ্বীপ মাজুলীত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ পিছতে মাজুলীৰ পশু চিকিৎসা বিভাগে মৃত্যু হোৱা গাহৰিৰ নমুনা প্ৰেৰণ কৰিছিল গুৱাহাটীলৈ ৷ সেই নমুনাত আফ্ৰিকান ছোৱাইন ফিভাৰ (African Swine Fever in Majuli) ধৰা পৰাত অসমৰ ৰাজ্যপালৰ এক নিৰ্দেশ অনুসৰি মহৰিচুক গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা মাজুলী জিলা প্ৰশাসনে (Containment Zone declared by Majuli District Administration) ।

মহৰিচুক গাঁৱৰ পৰা ১০ কিঃমিঃ ভিতৰত সকলো ধৰণৰ গাহৰি বেচা-কিনা, গাহৰি খাদ্য সম্পূৰ্ণৰূপে বন্ধ কৰা লগতে মাজুলী জিলা প্ৰশাসনে জাৰি কৰিছিল ১৪৪ ধৰা । ইয়াৰ পিছতে গুৱাহাটীৰ পৰা পশু চিকিৎসকৰ এটা দল মাজুলীলৈ ৰাওনা হৈছিল ।

লগতে পঢ়ক: জানুৱাৰীৰ শেহৰফালে অসমত তুংগত উঠিব অ’মিক্ৰণৰ সংক্ৰমণ: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.