মাজুলী,18 নৱেম্বৰ: মাজুলীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা জনজাতীয় ছাত্ৰ সন্মিলনৰ সভা সম্পন্ন ৷ মাজুলী জিলাৰ অন্যতম শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় প্ৰাংগণত বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা জনজাতি ছাত্ৰ সন্মিলনখনি অনুষ্ঠিত কৰা হয় ৷ সভাত উপস্থিত থাকে মুখ্য অতিথি উত্তৰ পূৱৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক নীৰৱ ঘীলানি,আমন্ত্ৰিত অতিথি ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱ কুমাৰ গাম,নিৰ্দিষ্ট বক্তা সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থা অসম সম্পদৰ অধ্যক্ষ ও কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি পোনাৰাম মিলি, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ কুসুম দত্ত আৰু মাজুলী জিলা টি.এম.পি.কেৰ সভাপতি ৰাজু চিন্তে ৷
ইয়াৰোপৰি সন্মিলনখনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জ্যেষ্ঠ পৰা কনিষ্ঠলৈ বহুকেইজন কাৰ্যকৰ্তা উপস্থিত থাকে ৷ সভাখনৰ শেষৰফালে মিচিং,দেউৰী, নেপালী,সোণোৱাল কছাৰীকে আদি কৰি বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শনৰ পিছতে শলাগৰ শৰাই আগবঢ়াই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সম্পৰ্ক ৰক্ষক ভাৰ্গৱ প্ৰতিম বৰুৱাই ৷
লগতে পঢ়ক: মৰিগাঁৱত CPI ৰ প্ৰতিবাদী কাৰ্যসূচী