মাজুলী, 5 এপ্ৰিল : মঙলবাৰে মাজুলীত মহাবাহুৰ বুকুত সংঘটিত হয় দুটাকৈ অঘটন ৷ নিমাতীৰ পৰা কমলাবাৰী ঘাট অভিমুখী ফেৰীৰ পৰা ভৰা লুইতৰ বুকুত জাপ দিলে এজন যুৱকে (A yoth in Majuli jumps into Brahmaputra)৷ আৰ পি এল ডিগাৰু নামৰ ফেৰীখনৰ পৰা যুৱকজনে ব্ৰহ্মপুত্ৰত জপিওৱা বুলি জানিব পৰা গৈছে ৷
ফেৰীখনত উপস্থিত থকা যাত্ৰী তথা ফেৰী কৰ্মচাৰীৰ তৎপৰতাত যুৱকজনৰ প্ৰাণৰক্ষা পৰে যদিও এই মূহুৰ্তলৈকে যুৱকজনৰ জপিওৱাৰ কাৰণ সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই ৷
ইফালে, পুৱা প্ৰায় 8.30 বজাত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ ৰয় এখন ৰ’পেক্স জাহাজ (Ropex ship stuck in Brahmaputra) ৷ নিমাতীৰ পৰা মাজুলীলৈ অহা জাহাজখন যান্ত্ৰিক বিজুতিৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুতে আৱদ্ধ হৈ পৰে ৷
অৱশেষত এটা চাপৰিত ৰাখি থোৱা হয় এই জাহাজখন ৷ উক্ত ফেৰীখনত প্ৰায় 100 গৰাকী যাত্ৰী, 24 খন বাইক আৰু কেইবাখনো চাৰিচকীয়া বাহন থকা বুলি জানিব পৰা গৈছে ৷
লগতে চাওক: ইন্ধনৰ অভাৱত অচল নিমাতী আৰু মাজুলীৰ চৰকাৰী ফেৰী সেৱা