মাজুলী,1 জুলাই: দেশজুৰি অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ গ্ৰাহত পৰি দিশহাৰা হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ ক'ভিডে প্ৰাণ কাঢ়িছে বহু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক ৷ ইয়াৰ মাজতে নামনি মাজুলী গোৱাল গাঁৱৰ এগৰাকী মাতৃৰ হিয়াভগা কান্দোনে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ উপাৰ্জনৰ বাট বিচাৰি বহিঃৰাজ্যলৈ ওলাই গৈ এক ডাঙৰ বিপদত পৰিছে মাতৃ গৰাকীৰ পুত্ৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, পিতৃৰ বিয়োগৰ পিছতে ঘৰখনৰ দায়িত্ব লৈ উপাৰ্জনৰ পথ বিচাৰি সূদুৰ কৰ্ণাটকলৈ ঢাপলি মেলিছিল নামনি মাজুলী গোৱাল গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক পংকজ হাজৰিকা ৷ তাৰ পাছৰে পৰা কৰ্ণাটকৰ বেংগলোৰত বিগত তিনিটা বছৰে এটা ব্যক্তিগত প্ৰতিষ্ঠানত সুৰক্ষা কৰ্মী (security guard) হিচাপে নিয়োজিত হৈ আছিল পংকজ হাজৰিকা নামৰ যুৱকজন ৷ কিন্তু যোৱা 5 দিনৰ পূৰ্বে নিজৰ ৰুমৰ পৰা কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুঘৰ্টনাত পতিত হয় যুৱকজন ৷ বৰ্তমান কনাটৰ্কৰ ই এচ আই(ESI) হাস্পতালত মৃতুৰে যুঁজিছে পংকজে ৷
উল্লেখ্য যে, চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পংকজক উদ্ধৱা চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিছে যদিও যদিও আৰ্থিক সমস্যাৰ বাবে বৰ্তমান সেইয়া সম্ভৱ হৈ উঠা নাই ৷ চিকিৎসক কৰ্তৃপক্ষই পংকজৰ কাষত এজন ঘৰুৱা অভিভাৱক বিচাৰিছে যদিও কৰুণাসৃষ্ট পৰিৱেশ তথা অৰ্থৰ অভাৱত পৰিয়ালৰ কোনো লোক আজিলৈকে যুৱক জনৰ কাষত উপস্থিত হ'ব পৰা নাই ৷ সুদূৰ কণাটৰ্কলৈ গৈ নিজ পুত্ৰৰ কাষত থিয় হ'বলৈ মাতৃ গৰাকীৰ হাতত ফুটা কড়ী এটাও নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উপায়ন্তৰ হৈ হিয়া ঢাকুৰি কান্দিছে পংকজ হাজৰিকাৰ দুৰ্ভগীয়া মাতৃয়ে ৷
![a-mother-call-for-help-for-his-son-in-majuli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-maj-01-majulinews-byte2-as10026_30062021045121_3006f_1625008881_252.jpg)
পৰিয়ালৰ একমাত্ৰ উৰ্পাজনকাৰী জনৰ এনে অৱস্থা হোৱাত দিক বিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে ৷ দুৰ্ভগীয়া মাতৃ গৰাকীয়ে অশ্ৰুসিক্ত নয়নেৰে ভিন্ন দল সংগঠন তথা চৰকাৰী কৰ্তৃপক্ষলৈ দুখীয় পৰিয়ালটোক অকণমান সহায় আগবঢ়াবলৈ কৰযোৰে আহ্বান জনাইছে ৷ কোনো সুহৃদয়বান লোকৰ অকণমান সহায়ে ডাঙৰ উপকাৰ সাধিব পাৰে দুৰ্ভগীয়া পৰিয়ালটোক ৷
লগতে পঢ়কঃ নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ