মাজুলী, 30 জুন : ৩৩০ বছৰ পূৰ্বেই মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা পদ্ম আতাৰ দ্বাৰা প্ৰতিষ্ঠিত কমলাবাৰী সত্ৰৰ চাৰিখনি মূল বহাৰ গুৰু আতৈৰ বহাখনি কলনিবাৰীৰ উত্তৰ দিশত প্ৰতিষ্ঠা লাভ কৰিছিল । পৰৱৰ্তী সময়ত শংকৰ মাধৱৰ মনিকাঞ্চন সংযোগ ক্ষেত্ৰ ধুৱাহাট বেলগুৰি থানখনি খহনীয়াত জাহ যোৱাত এই সত্ৰলৈকে এটা ভাগ আহিছিল । গুৰু দুজনাৰ বহু অমূল্য সম্পদ আছিল এই সত্ৰত ।
মহাপুৰুষ শংকৰদেৱৰ ভাগৱত পুথিখনৰ লগতে অসংখ্য সাঁচিপাতৰ পুথি, সোণ ৰূপৰ সামগ্ৰী, হাতীদাঁতৰ পাতি, কাঁহৰ বাচনকে ধৰি বহু মূল্যৱান সম্পদ আছিল এই সত্ৰত । ৯০ বিঘা ভূমিৰে আৱৰা এখন নদন-বদন সত্ৰ । গুৰু দুজনাৰ অংকীয়া নাট, সত্ৰীয়া গীত নৃত্য বাদ্য সকলোৰে চৰ্চা হৈছিল এই সত্ৰত । কি নাছিল এই সত্ৰত ৷
পিছে এতিয়া ইতিহাস হোৱাৰ পথত কমলাবাৰী শাখা সত্ৰৰ লগতে ধুৱাহাট বেলগুৰি সত্ৰ । হাবি জংঘলেৰে আগুৰি ধৰা পৰিবেশৰ মাজত সোণালী ইতিহাস সুঁৱৰি আবেগিক হৈ পৰিল ভকত বৈষ্ণৱ । মাজুলীৰ ঐতিহাসিক কমলাবাৰী শাখা সত্ৰ আৰু বেলগুৰি থানৰ বৰভেঁটি এই ধুৱাহাট বেলগুৰি সত্ৰ এতিয়া পৰিণত হৈছে এৰাবাৰীলৈ ৷
হাবি-বনৰিৰে আগুৰি ধৰিছে সত্ৰখনৰ চৌপাশৰ পৰিবেশ ৷ বেতনীৰ মাজত এটা কীৰ্তনঘৰত ঢিমিক-ঢামাককৈ জ্বলি আছে মাত্ৰ এগছি বন্তি ৷ একালৰ জয়জয় ময়ময় এই উদাসীন সত্ৰখনত এতিয়া কেৱল নিস্তব্ধতা ।
এতিয়া সত্ৰৰ সেই স্বৰ্নিল ইতিহাস অতীত হ‘ল । সত্ৰৰ কাষৰ মেৰাগড়বাসী ৰাইজে নিজা উদ্যোগত গুৰু বন্তিগচি জ্বলাই সত্ৰত আগবঢ়াই আহিছে সেৱা । সত্ৰৰ পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈ উঠে মেৰাগড় অঞ্চলৰ ভকত বৈষ্ণৱ । বুৰঞ্জীৰ পাতৰ পৰা যেন হেৰাই গ’ল ৩৩০ বছৰীয়া উদাসীন পৰম্পৰা । স্থানীয় ৰাইজৰ দাবী উদাসীন সত্ৰখন চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰি পুনৰ ভকত বৈষ্ণৱৰ বাবে তথা পৰ্যটনৰ থলী হিচাপে গঢ়ি তোলক ।
সত্ৰ মহাসভা তথা কমলাবাৰী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰলৈ মেৰাগড়বাসী ৰাইজৰ আহ্বান কমলাবাৰী সত্ৰৰ এই মূল ভুমিখণ্ড ৰক্ষা কৰক । গুৰু আতৈৰ এই ঐতিহাসিক বহাৰ বৰভেটি উদ্ধাৰ কৰি সত্ৰখনি পুনৰ জীয়াই তোলক । ন'হলে কালৰ বুকুত এনেকৈয়ে বিলিন হ’ব পৰম্পৰা ঐতিহ্য ।