মাজুলী,২৫ নৱেম্বৰ : মাজুলীৰ শালমৰা গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল (Crisis of Majuli family)। পৰিয়ালটো সম্প্ৰতি সমস্যাত পৰিছে । আৰ্থিক সংকটত দুৰ্ভগীয়া ধনেশ্বৰ ভূঞাৰ পৰিয়ালটো । কিয়নো জটিল ৰোগত আক্ৰান্ত ধনেশ্বৰ ভূঞাৰ পুত্ৰ মণিমাধৱ ।
আঢ়ৈ বছৰ বয়সৰ পৰাই জটিল ৰোগত আক্ৰান্ত মণিমাধৱ (Majuli youth suffering from complex diseases)। বৰ্তমান ১৮ বছৰীয়া হৈছে মণিমাধৱ । ইমান বছৰে চিকিৎসা চলিছে যদিও এতিয়াও সুস্থ হৈ উঠা নাই মণিমাধৱ । মৃৎশিল্পীৰ লগত জড়িত পৰিয়ালটো ।
ঘৰখন চলোৱাৰ লগতে পুত্ৰক চিকিৎসা কৰি কৰি ভাগৰি গৈছে ধনেশ্বৰ ভূঞাৰ পৰিয়ালটো । আৰ্থিকভাৱেও জুৰুলা হৈ পৰিছে পৰিয়ালটো । খুজি মাগি বিভিন্নজনৰ পৰা লাভ কৰা কিছু ধনেৰে পুত্ৰৰ চিকিৎসা চলাইছে যদিও সেয়া যথেষ্ট নহয় । মাতৃৰ বিভিন্ন আ-অলংকাৰৰ পৰা আৰম্ভ কৰি ঘৰৰ প্ৰায়বোৰ সম্পত্তিয়ে ইতিমধ্যে পুত্ৰৰ চিকিৎসাৰ নামত বিক্ৰী কৰিছে পৰিয়ালটোৱে ।
সম্প্ৰতি ডিব্ৰুগড়ত চিকিৎসা অব্যাহত ৰাখিছে পুত্ৰৰ ৷ তথাপিও আৰোগ্য হোৱা নাই মণিমাধৱ । অৱশেষত উপায়হীন পৰিয়ালটোৱে চৰকাৰৰ সহায় বিচাৰিছে । পুত্ৰৰ চিকিৎসাৰ নামত এতিয়ালৈ চৰকাৰৰ কোনো সহায় পোৱা নাই দৰিদ্ৰ পৰিয়ালটোৱে ।
সেয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ দল-সংগঠন আৰু হৃদয়বান লোকৰ পৰা সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে । কোনো হৃদয়ৱান ব্যক্তিয়ে যদি বিচাৰে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব পাৰে । মণিমাধৱ ভূঞাৰ বেংক একাউণ্টলৈ আপোনাৰ আৰ্থিক সহায় প্ৰেৰণ কৰিব পাৰে । মণিমাধৱ ভূঞাৰ পাঞ্জাৱ নেচনেল বেংকৰ একাউণ্ট নম্বৰ হৈছে 1320010544856 । IFSC Code হৈছে PUNB0132020 ।
লগতে পঢ়ক :Livestock died in Tezpur: তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু