মাজুলী, 4 মে': দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অনিশ্চিত ভৱিষ্যতৰ দিশে মাজুলীৰ এটি কণমানি । জিলা খনৰ অতি ভিতৰুৱা অঞ্চল ন-ভঙামুখৰ এটি আৰ্থিকভাৱে দুৰ্বল পৰিয়াল, পুৰঞ্জয় নৰহ আৰু চন্দ্ৰিকা নৰহৰ একমাত্ৰ পুত্ৰ উজ্বল নৰহ যোৱা জানুৱাৰী মাহৰ পৰাই আক্ৰান্ত হৈ আছে দুৰাৰোগ্য কৰ্কট ৰোগত । তৃতীয় শ্ৰেণীত অধ্যয়নৰত শিশুটিক গুৱাহাটীস্থিত বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা কৰাই আছিল যদিও, আজি পৰ্যন্ত পোৱা নাই কোনো সুফল । লক্ ডাউনৰ ওপৰিও আৰ্থিক দৈন্যতাৰ বাবে শিশুটিক গুৱাহাটীলৈ নিব নোৱাৰাৰ বাবে ক্ৰমান্বয়ে অৱনতি ঘটিবলৈ ধৰিছে শিশুটিৰ স্বাস্থ্য ।
এফালে পুত্ৰৰ চিকিৎসাৰ চিন্তা, আনহাতে পৰিয়াল পোহপালৰ চিন্তাত ভাগি পৰিছে পুৰঞ্জয় নৰহ । লক্ ডাউনৰ বাবে এতিয়া দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা আহি পৰিছে । দিনে নিশাই কান্দি বিচনাত চটফটাই থকা পুত্ৰৰ মৰ্মবেদনাও এতিয়া অসহনীয় হৈ পৰিছে পৰিয়ালটোৰ বাবে । বৰ্তমানলৈ কোনো চৰকাৰী সাহাৰ্য লাভ নকৰা অসহায় পৰিয়ালটোৱে, অসমবাসীৰ পৰা কিছু সহায় বিচাৰিছে । কোনো লোকে যদি এই অসহায় পৰিয়ালটোক কিছু সাহায্য প্ৰদান কৰিব বিচাৰে তেন্তে 6002294713 নম্বৰত যোগাযোগ কৰাৰ ওপৰিও, এছবিআই বেংকৰ একাউন্ট নম্বৰ-38021796925, IFSC-sbin0005081ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে ।
লগতে পঢ়কঃ সাৱধান ! আগন্তুক ৪ দিনলৈ উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা