ETV Bharat / state

Child Marriage Accused: মাজুলীত বাল্য বিবাহৰ ২৪ অভিযুক্তৰ অগ্ৰীম জামিন মঞ্জুৰ

author img

By

Published : Feb 4, 2023, 10:31 AM IST

ৰাজ্যত বাল্য বিবাহ বন্ধ কৰাৰ উদ্দেশ্যৰে আৰক্ষীয়ে আটক কৰা অপৰাধী স্বামীৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি অৱলম্বন কৰিছে অসম আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে নিশা আটক কৰা 24 বাল্য বিবাহৰ অভিযুক্তক মাজুলী সত্ৰ ন্যায়াধীশ আদালতে অগ্ৰীম জামিন মঞ্জুৰ কৰিছে (Child marriage accused granted anticipatory bail) ৷

24 child marriage accused granted anticipatory bail in Majuli
অগ্ৰীম জামিন মঞ্জুৰ ২৪ বাল্যবিবাহৰ অভিযুক্তৰ

মাজুলী, 4 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে (Strict action against child marriage) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা দিয়াৰ পিচতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলী আৰক্ষীয়ে অভিযান চলাই মুঠ 24 জন লোকক আটক কৰিবলৈ সক্ষম হৈছিল (Operation against child marriage in Majuli) ৷

ইয়াৰ পিছতে স্বামীসকলৰ লগতে ঘৰৰ লোকক চোৰ ডকাইটৰ দৰে আৰক্ষীয়ে লৈ অহাৰ বাবে আত্মীয়সকলে মানি ল’ব পৰা নাছিল ৷ ফলত মাজুলী থানাৰ সন্মুখত বৃহস্পতিবাৰে নিশাৰ পৰা ভিৰ কৰিছিলহি পৰিয়ালৰ লোকে (Family create tense situation in Majuli) ৷ পৰিয়ালৰ লোকে ধৃত লোকসকলক উলিয়াই দিবলৈ আৰক্ষীক আবেদন নিবেদন কৰাৰ লগতে এক উত্তেজনাময় পৰিৱেশৰো সৃষ্টি কৰা পৰিলক্ষিত হয় ৷

ইয়াৰ বিপৰীতে মাজুলী আৰক্ষীয়ে 24 গৰাকী অভিযুক্তক জেইল হাজোতলৈ প্ৰেৰণ কৰাৰ পূৰ্বে শুকুৰবাৰে মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাইছিল (Operation against Child marriage) ৷ ইফালে 24 জন অভিযুক্তৰ অগ্ৰীম জামিনৰ বাবেও আদালতক আবেদন কৰা হৈছিল ৷

অভিযুক্তৰ পক্ষ্যৰ অধিবক্তাগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, "মাজুলী আৰক্ষীয়ে তৎপৰতাৰে 44 জনৰে 25 জনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পূৰ্বে মহামান্য আদালতত হাজিৰ কৰাইছিল ৷ সেই সময়তে আমি মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতত আচামীৰ হৈ জামিননামা দাখিল কৰিছো ৷ মুখ্যমন্ত্ৰীৰ এই প্ৰক্ৰিয়াত যথেষ্ট আসোঁৱাহ আছে ৷ যদি কোনো অভিযুক্ত POCSO আইনৰ অধীনত অভিযুক্ত হয়, তেনেহ’লে তেওঁক 24 ঘণ্টাৰ ভিতৰতে স্বাস্থ্য পৰীক্ষা কৰিব লাগে ৷ যদি এনে নকৰাই তেনেহ’লে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব নোৱাৰে ৷ ইয়াৰোপৰি আৰক্ষীয়ে অভিযুক্তৰ মন্তব্য ৰেকৰ্ড নকৰিলে ৷ কেনেবাকৈ যদি এতিয়া অভিযুক্তৰ আত্মীয়ৰ লগতে অভিযুক্তই মন্তব্য প্ৰকাশ কৰা অনুসৰি আত্মহত্যা কৰে ইয়াৰ বাবে দায়িত্ব কোনে ল’ব ? এইসকল ছোৱালীয়ে নিজৰ ইচ্ছানুসাৰে বিয়া হৈ আহিছে ৷"

পৰৱৰ্তী সময়ত মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে ২৪ অভিযুক্তৰ অগ্ৰীম জামিন মঞ্জুৰ কৰে (Child marriage accused granted anticipatory bail) । POCSO আইনৰ অধীনত আটত কৰা অভিযুক্তসকলক ২৪ ঘণ্টাৰ ভিতৰত স্বাস্থ্য পৰীক্ষা নকৰোৱা আৰু অভিযুক্তৰ ভাষ্য লিপিবদ্ধ নকৰাৰ বাবে আদালতে অভিযুক্তকেইজনৰ জামিন মঞ্জুৰ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে অধিবক্তাগৰাকীয়ে ৷

লগতে পঢ়ক: Operation against child marriage: মাজুলীত থানাৰ সন্মুখত স্বামীক বিচাৰি হাহাকাৰ পত্নীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.