ETV Bharat / state

সুধাকণ্ঠৰ বিশাল ছবি অংকনেৰে বিহপুৰীয়াৰ মিঠুৰাজৰ চমক

author img

By

Published : Sep 12, 2020, 3:57 PM IST

সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে বিহপুৰীয়াৰ এজন যুৱকে পথৰ দাঁতিৰ দেৱালত অংকন কৰি উলিয়াইছে সুধাকণ্ঠৰ এক বিশাল প্ৰতিচ্ছবি ৷ সুধাকণ্ঠৰ জন্মদিনৰ দিনাই আঁকিবলৈ আৰম্ভ কৰা প্ৰতিচ্ছবিখনিৰ অংকন শনিবাৰে সম্পূৰ্ণ হয় ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ মিঠুৰাজ বৰাৰ এই চমকপ্ৰদ কাৰ্যক প্ৰশংসা কৰিছে বিভিন্নজনে ৷

Dr. Bhupen Hazarika
Dr. Bhupen Hazarika

বিহপুৰীয়া, 12 ছেপ্টেম্বৰ : সুধাকণ্ঠৰ এখন সুন্দৰ প্ৰতিচ্ছবি ৷ পথৰ কাষৰ দেৱালত অংকিত এই প্ৰতিচ্ছবি দেখি এবাৰলৈ হ’লেও থমকিব বাটৰুৱা ৷ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ এই প্ৰতিচ্ছবি অংকনেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ বদতি জামুগুৰিৰ এগৰাকী যুৱ চিত্ৰশিল্পীয়ে ৷ বদতি জামুগুৰি গাঁৱৰ ডিজেন বৰা আৰু সুৰভি বৰাৰ কণিষ্ঠ পুত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ মিঠুৰাজ বৰাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে পথৰ দাঁতিৰ দেৱালত অংকন কৰি উলিয়াইছে সুধাকণ্ঠৰ এক বিশাল প্ৰতিচ্ছবি ৷

সুধাকণ্ঠৰ বিশাল ছবি অংকনেৰে বিহপুৰীয়াৰ মিঠুৰাজৰ চমক

সুধাকণ্ঠৰ জন্মদিনৰ দিনাই আঁকিবলৈ আৰম্ভ কৰা প্ৰতিচ্ছবিখনিৰ অংকন শনিবাৰে সম্পূৰ্ণ হয় ৷ এই উদ্দেশ্যে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিল্পী গৰাকীৰ গুৰু যুগল চন্দ্ৰ কলিতাই শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ-দ্বীপ প্ৰজ্বলনেৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পাচতে স্থানীয় বদতি জামুগুৰি নাট্য সমাজ, জ্যোতিৰ্ময় সংঘ আৰু গোপী বৰদলৈ পুথিভঁৰালৰ তৰফৰ পৰা ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন কৰা যুৱ শিল্পীগৰাকীক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

বদতি জামুগুৰি নাট্য সমাজৰ সম্পাদক জগত বৰাই আঁত ধৰা অনুষ্ঠানতে নাট্য সমাজৰ সভাপতি পৰমানন্দ বৰুৱা, গোপী বৰদলৈ পুথিভঁৰালৰ সভাপতি নৱকুমাৰ বৰুৱা, জ্যোতিৰ্ময় সংঘৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়া, উপসভাপতি সঞ্জীৱ দত্ত, বদতি জামুগুৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰাজেন শইকীয়া, প্ৰাক্তন সম্পাদক বিপিন শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন হাজৰিকা আৰু নাট্যসমাজৰ মঞ্চাধ্যক্ষ ৰাজেন বৰাই মহানশিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে উদীয়মান শিল্পী মিঠুৰাজ বৰাক শিল্পক্ষেত্ৰত আগুৱাই যাবলৈ আশিস প্ৰদান কৰে ৷

উল্লেখ্য যে লক্ ডাউনৰ সময়ছোৱাত শিল্পসাধনাত ব্যস্ত হৈ পৰা মিঠুৰাজে ইতিমধ্যে ছুটি ছবি নিৰ্মাণেৰে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ ঢোল,খোল,বাঁহী,নাগাৰা আদি বাদ্য বজোৱাতো পাৰ্গত যুৱকজনৰ শিল্প কৰ্মই সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : 1400 অসমীয়া যুৱক-যুৱতীয়ে হেৰুৱাব চাকৰি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.