লখিমপুৰ,২০ মাৰ্চ: সা-সম্পত্তি, ধন-সম্পত্তিৰ বাবে জীৱ শ্ৰেষ্ঠ নামধাৰী মানুহ কিমান তললৈ নামিব পাৰে । তাৰেই যেন প্ৰতিফলন ঘটিল লখিমপুৰত । দেওবাৰে নিশা এক জঘন্য হত্যাকাণ্ডই জোকাৰি গ'ল লখিমপুৰৰ নাওবৈচা (Sensational murder in Lakhimpur) । সম্পতিৰ বাবেই ভাগিনে নৃশংসভাবে ঘঁপিয়াই হত্যা কৰে মোমায়েকক । ইফালে হত্যাকাৰী ভাগিন এজন ইমাম বুলি জানিবপৰা গৈছে (youth brutally killed maternal uncle)।
নাওবৈচাৰ হৰিপুৰত সংঘটিত হোৱা এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ লখিমপুৰ জিলাত । হত্যাকাৰী ভাগিনৰ নাম ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে । ইফালে মৃত লোকজনৰ নাম মকবুল হুছেইন বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে ঘাতক ছফিকুল ইছলামে । এডাল গছৰ বাবেই এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ছফিকুলৰ বিৰুদ্ধে (Lakhimpur Murder news) ।
লগতে পঢ়ক: Ziyad Ahmed won Gold Medal: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল বশিষ্ঠৰ জীয়াদ আহমেদ
গছডালৰ বাবেই দীৰ্ঘদিন ধৰি ছফিকুল আৰু মকবুলৰ মাজত সংঘাত চলি আছিল । দেওবাৰে এই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে । নিশা ছফিকুল আৰু মকবুল মুখামুখি হোৱাৰ সময়ত ধৈর্য্য হেৰাই ছফিকুলৰ । পৰিণতি স্বৰূপে হাতত থকা চোকা দাৰে মোমায়েক মকবুলক উপৰ্যুপৰি ঘপিয়াই ছফিকুলে । ইমামতি কৰা ছফিকুলে খন্তেকতে হত্যাকাৰীৰ ৰূপ ধাৰণ কৰে (Imam Killed uncle in Lakhimpur)।
ছফিকুলৰ দুটা দাৰ ঘাপ পৰে মকবুলৰ মুখ আৰু ডিঙিত । লগে লগে তেজেৰে তুমৰলি হৈ ঠাইতে বাগৰি পৰি মকবুলে শেষ নিঃশ্বাস ত্যাগ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিশাই তদন্ত আৰম্ভ কৰিছে যদিও পলাতক ছফিকুলক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই । ইফালে মকবুল হুছেইনৰ মৃতদেহ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ।
লগতে পঢ়ক: Road Accident in Tinsukia: তিনিচুকীয়াত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ লোকে