ETV Bharat / state

Microfinance-ৰ ঋণ ৰেহায়ৰ দাবীত লখিমপুৰত প্ৰতিবাদ

লখিমপুৰত শতাধিক মহিলাৰ প্ৰতিবাদ । মাইক্ৰ'ফাইনেঞ্চ (Microfinance) ঋণ ৰেহায়ৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই মহিলাসকলে । ক'লা দিন পালন কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ । মুখ্যমন্ত্ৰীলৈ ইচ্ছা মৃত্যু পত্ৰও প্ৰেৰণ কৰিলে মহিলাসকলে ।

author img

By

Published : Jun 18, 2021, 5:08 PM IST

Microfinance
ঋণ ৰেহায়ৰ দাবীত লখিমপুৰত প্ৰতিবাদ

লখিমপুৰ, ১৮ জুন : শেহতীয়াকৈ ৰাজ্যত মাইক্ৰ'ফাইনেঞ্চ (microfinance) ঋণৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন চৰকাৰে মহিলাসকলৰ মাইক্ৰ'ফাইনেঞ্চ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰখনে এই ক্ষেত্ৰত প্ৰথম কেবিনেটৰ পিছতে কিছুমান চৰ্ত অনুসৰিহে ঋণ ৰেহাই দিয়াৰ ঘোষণা কৰিছে । চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ক্ষুব্ধ হৈ পৰে ৰাজ্যৰ একাংশ মহিলা । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত মহিলাসকলে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে ।

লখিমপুৰ জিলাতো শুকুৰবাৰে একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ উপৰিও বৃহৎ প্ৰতিবাদী সমদল উলিয়াই মহিলাসকলে । নগৰৰ চি.ডি ৰোডত সমবেত হৈ মুখত ক'লা কাপোৰ বান্ধি মহিলা সকলে মৌন প্ৰতিবাদী সমদল কৰি উপায়ুক্ত ৰ কাৰ্যালয়লৈ যায় । জাগৃতি নাৰী শক্তি(Jagrity Nari Sakti) নামৰ মহিলা সংগঠনটোৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদৰ অন্তত উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লখিমপুৰত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত মহিলাৰ প্ৰতিবাদ

চকাৰৰক বিভিন্ন ভাষাৰে সমালোচনা কৰা লগতে মহিলাসকলে ইচ্ছা মৃত্যুৰ পত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । যদিহে চৰকাৰে ঋণ ৰেহাই দিবলৈ সক্ষম নহয় তেনেহ'লে সেই ইচ্ছা মৃত্যু পত্ৰত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ কৰি আনিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় । নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ঋণ ৰেহায়ৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিয়ে যেন এতিয়া বিপদত পেলাইছে চৰকাৰখনক ৷ কিয়নো প্ৰতিগৰাকী ঋণ লওঁতা নিশ্চিত হৈ পৰিছিল যে, চৰকাৰে তেওঁলোকৰ ঋণ সমূহ মাফ কৰিব ৷ কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে ঋণ ৰেহায়ৰ বাবে কেতবোৰ স্বৰ্ত আৰোপ কৰাত এতিয়া ক্ষোভিত হৈছে লোকসকল ৷

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মী এক সম্পদ: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.