ETV Bharat / state

Women in danger in Lakhimpur: নকল সোণৰ বেহাৰ বিৰুদ্ধে যুঁজি ভাবুকিৰ সন্মুখীন মহিলা - fake gold smuggling

সাহিত্য, সংস্কৃতিৰ পৰা বিভিন্ন ক্ষেত্রত লখিমপুৰৰ যেনেদৰে সু-নাম আছে তেনেদৰে নকল সোণ, জাল নোটৰ বেহাৰ বাবে দুৰ্নামো আছে জিলাখনৰ । জিলাখনৰ বিভিন্ন স্থানত গোপনে চলে এনে অবৈধ বেহা । এনে অবৈধ বেহাৰ বিৰুদ্ধে সকলোৱে সজোৰে মাত মাতি আহিছে । এনে অপকর্মৰ বিৰুদ্ধে মাত মাতি ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে এগৰাকী মহিলা (Women in danger fighting against fake gold bags) ।

Women in danger fighting against fake gold bags
নকল সোণৰ বেহাৰ বিৰুদ্ধে যুঁজি ভাবুকিৰ সন্মুখীন মহিলা
author img

By

Published : Apr 26, 2023, 10:06 PM IST

নকল সোণৰ বেহাৰ বিৰুদ্ধে যুঁজি ভাবুকিৰ সন্মুখীন মহিলা

লখিমপুৰ, ২৬ এপ্রিল: নকল সোণ, জাল নোটৰ বেহাৰ বিৰুদ্ধে সৰৱ লখিমপুৰৰ এগৰাকী মহিলা । পিছে নকল সোণৰ অবৈধ বেহাৰ বিৰুদ্ধে যুজি ভাবুকিৰ সন্মুখীন হৈ ভাবুকিৰ সন্মুখীন হৈছে মহিলাগৰাকী (Fake gold trade in Lakhimpur)। ভাবুকিত ত্ৰস্তমান হৈ ওচৰ চাপিল সংবাদ মাধ্যমৰ । লখিমপুৰ জিলাৰ কেতবোৰ অঞ্চলত নকল সোণ, জাল নোটৰ অবৈধ বেহা দীর্ঘদিন ধৰি চলি আহিছে ।

কেৱল লখিমপুৰৰে নহয় । চুবুৰীয়া অৰুণাচল, মেঘালয়, পশ্চিম বংগ আদিৰ বহু লোক এনে দুষ্ট চক্রৰ কৱলত পৰি সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে । আৰক্ষীৰ অভিযানত মাজে সময়ে এনে নকল সোণ, জালনোট উদ্ধাৰ হোৱাৰ লগতে এই বেহাৰে জৰিত লোক গ্ৰেপ্তাৰ হৈছে যদিও এনে অপকৰ্মৰ ওৰ পৰা নাই । এনে ঘটনা প্ৰৱাহৰ মাজতে এগৰাকী মহিলাই উন্মোচিত কৰিছে আন এক ক'লা অধ্যায় (Women in danger fighting against fake gold bags) ।

মহিলাগৰাকী হ'ল নাওবৈচা মহঘূলিৰ হাচিনা বেগম । হাচিনাই এনে অবৈধ বেহাৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবে সম্প্রতি বিভিন্ন ধৰণে ভাবুকিৰ সন্মুখীন হৈছে । যাৰ বাবে তেওঁ বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত অবৈধ বেহাৰ এক ঘটনা পোহৰলৈ আনে (Women fight against fake gold business) । বুধবাৰে বিয়লি নৰ্থ লখিমপুৰ প্ৰেছক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰি হাচিনাই কয় যে, তেওঁ কিছু বছৰৰ পূৰ্বে লখিমপুৰৰে ৰফিকুল ইছলাম নামৰ এজন লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল (Women in danger in Lakhimpur) ।

কেইবছৰ মানৰ পাচত তেওঁৰ স্বামী নকল সোণৰ বেহাৰে জড়িত বুলি জানিব পাৰি তেওঁ স্বামীগৃহ এৰি পিতৃগৃহত আশ্রয় লয় । এনে অপকর্মক তেওঁ অন্তৰৰ পৰা ঘৃণা কৰে বুলি কয় । সংবাদমেলখনত তেওঁ এটা ঘটনাৰ বিষয়ে উল্লেখ কৰি কয়, বিগত ২০২৩ বৰ্ষৰ ২১ মাৰ্চত তেওঁ পশ্চিমবংগৰ এখন অনাথ আৰু বৃদ্ধাশ্ৰমৰ পণ্ডিত দিলীপ কুমাৰ মাইতি নামৰ এজন লোকক লগ পায় ।

তেওঁৰ পৰা জানিব পৰা মতে, লখিমপুৰৰ নকল সোণৰ বেহাৰ লগত জড়িত চক্রটোৱে তেওঁলোকক লখিমপুৰৰ নাৰায়ণপুৰলৈ মাতি আনি দহ লাখ টকাৰ বিনিময়ত এখন নকল সোণৰ নাও বিক্ৰী কৰে । প্ৰকাশ বেঘা দাস নামৰ আন এজন লোকৰ সৈতে আহি তেওঁ লোকে সোণৰ নাওখন লৈ যায় যদিও পাছত সেই খন নকল বুলি জানিব পাৰে ।

এনে প্ৰৱঞ্চনাৰ বলি হোৱা লোক দুজনৰ প্ৰকাশ বেঘা দাস হতাশাত ভুগি মৃত্যু হয় বুলি তেওঁ কয় । প্ৰৱঞ্চনাৰ বলি হোৱা দিলীপ কুমাৰ মাইতিয়ে ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ থানাত এজাহাৰ দাখিল কৰে । দিলীপ কুমাৰ মাইতিৰ পৰা পোৱা চক্রটোৰ গাড়ীৰ নম্বৰ, ফটো, ভোটাৰ পৰিচয় পত্ৰখন চাই হাচিনাই চক্রটোক চিনাক্ত কৰে আৰু দিলীপ কুমাৰ মাইতিক এই ক্ষেত্ৰত সহযোগ কৰে ।

পিছে আৰক্ষীৰ পৰা তেওঁ লোকে আশানূৰূপ সঁহাৰি নাপালে বুলি অভিযোগ তুলি হাচিনাই কয় ইয়াৰ বিপৰীতে তেওঁহে বিভিন্ন ধৰণে ভাবুকিৰ সন্মুখীন হ'বলগা হৈছে । আনকি, তেওঁৰ ভাতৃ মনচুৰ আলিকো দোষী সজাব খোজা হৈছে । এই সন্দৰ্ভত তেওঁ ইতিমধ্যে আৰক্ষীৰ সঞ্চালক প্ৰধান, আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ সঞ্চালক, অসম আৰক্ষীৰ সহ সঞ্চালক, দুৰ্নীতি নিবাৰক শাখা, মানৱ অধিকাৰ আয়োগ আদিত অভিযোগ দাখিল কৰিছে ।

তেওঁ লখিমপুৰৰ আৰক্ষীৰ ভূমিকাক সমালোচনা কৰে । ইতিমধ্যে তেওঁ বিভিন্ন ধৰণে ভাবুকিৰ সন্মুখীন হোৱাৰ বাবে কিবা অঘটন ঘটাৰ আশংকা কৰি সংবাদ মাধ্যমৰ সন্মুখত এই ঘটনা প্ৰৱাহৰ কথা সদৰী কৰে ।

লগতে পঢ়ক: IED recovered: সৌভাগ্যক্ৰমে ৰক্ষা পৰিল মাকুম; কোনে ৰাখিছিল IED ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.