ETV Bharat / state

Model market house in Lakhimpur:এটা দশকে দুৱাৰ খোল নাখালে লখিমপুৰৰ আদৰ্শ বজাৰ গৃহৰ - টা দশকে দুৱাৰ খোল নাখালে লখিমপুৰৰ আদৰ্শ বজাৰ গৃহৰ

লক্ষ্য আছিল নিবনুৱাক সংস্থাপন দিয়াৰ । সেই উদ্দেশ্যে লখিমপুৰ নগৰ এলেকাত প্ৰায় এটা দশক পুৰ্বে মুখ্যমন্ত্রীৰ স্ব-নিয়োজন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল এক আদৰ্শ ব্যবসায়িক কেন্দ্র । পিছে নিৰ্মাণ সম্পুর্ণ হোৱাৰ পাছতো এবাৰলৈও দুৱাৰ খোল নাখালে এই কেন্দ্রটোৰ ।

Model market house in Lakhimpur
লখিমপুৰৰ আদৰ্শ ব্যবসায়িক কেন্দ্র
author img

By

Published : Aug 8, 2023, 7:23 PM IST

লখিমপুৰৰ আদৰ্শ ব্যবসায়িক কেন্দ্র

লখিমপুৰ, ৮ আগষ্ট: প্ৰায় এটা দশকে দুৱাৰ খোল নোখোৱা লখিমপুৰৰ এখন আদৰ্শ বজাৰ । নিৰ্মাণ সম্পূর্ণ হোৱাৰ পাছতো মুখ্যমন্ত্রীৰ স্বনিয়োজন আঁচনিৰ অধীনৰ এই বজাৰ গৃহৰ দুৱাৰ মুকলি নহ'ল। সম্প্রতি জহিখহি উৱলিছে বজাৰ গৃহটো । একপ্ৰকাৰ ডাষ্টবিনলৈ পৰিণত হৈছে ২৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা এই আদৰ্শ বজাৰ গৃহটো । ভূতবাংলা সদৃশ হৈ কদৰ্যময় পৰিবেশত এই বজাৰ গৃহটো আছে লখিমপুৰ নগৰৰ খেলমাটিত ।

খেলমাটিৰ বিখ্যাত শিৱ মন্দিৰৰ কাষতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বছৰ বছৰ ধৰি অব্যৱহৃত হৈ আছে ১৫ টা কোঠা বিশিষ্ট এই আদৰ্শ বজাৰ গৃহটো । ৰাজ্যত কেনেদৰে চলিছে নিবনুৱা নিয়োগৰ আঁচনি সেই কথা এই আদৰ্শ বজাৰ গৃহটোৱে উদঙাই দিছে । কিয়নো নিবনুৱাক ৰোজগাৰ দিয়াৰ নামত লখিমপুৰত অপচয় কৰা হ'ল লাখ লাখ টকা । বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ অন্যতম নিবনুৱা সমস্যাক লৈ চৰকাৰী ভাৱে নানা শ্লোগান দি আহিছে ।

চৰকাৰী চাকৰিৰ পৰিৱৰ্তে ব্যৱসায় কৰি স্ব-নিয়োজনৰ পথ ল'বলৈ নিবনুৱা সকলক আহ্বান জনোৱা হৈছে । পিছে ব্যৱসায় কৰিবলৈ কিমান সুযোগ প্ৰদান কৰা হৈছে এয়া এতিয়া উত্তৰ বিহীন প্ৰশ্ন । কিয়নো নিবনুৱাক ব্যৱসায়ৰ সুযোগ দিয়াৰ উদ্দেশ্যে লখিমপুৰত প্ৰায় ২৫ লাখ টকাৰে নিৰ্মাণ কৰা আদৰ্শ বজাৰ গৃহটো আজিও মুকলি হোৱা নাই ।

এই বজাৰ গৃহটো নিৰ্মাণ কৰি জিলা উদ্যোগ আৰু বাণিজ্য বিভাগলৈ হস্তান্তৰ কৰা হৈছিল । তেনেহলে কাৰ স্বাৰ্থত বজাৰ গৃহটো নিৰ্মাণ কৰা হৈছিল তাক লৈ চৰ্চা হৈছে । চৌহদৰ নামত কোনো ব্যবস্থা নথকা,পুখুৰী সদৃশ গড়াত বজাৰখনলৈ নামি যাবলগীয়া কৈ নিৰ্মাণ কৰা,কোনো পানী,প্ৰস্ৰাৱগাৰ,শৌচাগাৰৰ ব্যবস্থা নথকাকৈ নিম্ন মানেৰে কাৰ স্বাৰ্থত এই বজাৰ গৃহটো নিৰ্মাণ কৰা হ'ল সেয়া এতিয়া লখিমপুৰবাসীৰ বাবে এক সাঁথৰ ।

মুখ্যমন্ত্রীৰ স্ব-নিয়োজন আঁচনিৰ অধীনত নিৰ্মাণ কৰি আজিলৈকে দুৱাৰ মুকলি কৰিব নোৱাৰা আৰু এতিয়া ভাগি ছিগি উৱলি যাবলৈ লোৱা এই আদৰ্শ বজাৰ গৃহটোক লৈ লখিমপুৰীয়া ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিয় বজাৰ গৃহ নির্মাণৰ নামত ২৫ লাখ টকা অপচয় কৰা হ'ল তাৰো উত্তৰ বিচাৰিছে লখিমপুৰৰ ৰাইজে ।

লগতে পঢ়ক:ONGC Sivsagar: অ'এনজিচি তৈলখাদত ভাগিল ৰাসায়নিক পদাৰ্থ মিহলি পানী ভৰ্তি পুখুৰীৰ পাৰ; ৰাইজৰ শংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.