ETV Bharat / state

Adulterated petrol : পেট্র’ল ভেজালকৰণক লৈ লখিমপুৰৰ ডিপোত উত্তেজনা - warm situation in Lakhimpur petrol pump

পেট্র’ল ভেজালকৰণক লৈ লখিমপুৰৰ পেট্র’ল ডিপোত উত্তপ্ত পৰিস্থিতি । লখিমপুৰ নগৰৰ ঠাকুৰবাৰী এভাৰেডী পেট্র’ল পাম্পত সৃষ্টি হয় এই পৰিস্থিতি । বহু গ্ৰাহকে তোলা অভিযোগ মতে, পেট্র’ল পাম্পটোত পেট্র’ল ভৰোৱাৰ পিছতেই বন্ধ হৈ পৰিছে তেওঁলোকৰ দুচকীয়া বাহনসমূহৰ ইঞ্জিন (Adulterated petrol in Lakhimpur petrol pump) ।

Lakhimpur
Lakhimpur
author img

By

Published : Nov 3, 2022, 7:43 PM IST

লখিমপুৰ, ৩ নৱেম্বৰ : ভেজাল পেট্র'ল বিক্ৰী কৰাৰ এক ঘটনাই লখিমপুৰৰ এভাৰেডী পেট্র'ল ডিপোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে (Adulterated petrol in Lakhimpur petrol pump) । ডিপোটোত পেট্র'ল ভৰোৱাৰ পাছতে বহু গ্ৰাহকৰ যান-বাহনৰ বিজুতি ঘটাৰ বাবে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে (warm situation in Lakhimpur petrol pump) ।

পেট্ৰ'ল ভেজালকৰণক লৈ লখিমপুৰৰ পেট্র’ল ডিপোত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । লখিমপুৰ নগৰৰ ঠাকুৰবাৰী এভাৰেডী পেট্ৰ'ল পাম্পত সৃষ্টি হয় এই পৰিস্থিতি । বহু গ্ৰাহকে তোলা অভিযোগ মতে, পেট্ৰ'ল পাম্পটোত পেট্ৰ'ল ভৰোৱাৰ পিছতেই বন্ধ হৈ পৰিছে তেওঁলোকৰ দুচকীয়া বাহনসমূহৰ ইঞ্জিন ।

উল্লেখ্য, বুধবাৰে নিশাৰ ভাগত উক্ত পেট্ৰ'ল পাম্পটোত ইন্ধন ভৰোৱাৰ পিছতেই ইঞ্জিন বন্ধ হৈ পৰে কেইবাজনো ব্যক্তিৰ মটৰচাইকেল । তাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । যাৰ বাবে ক্ষুব্ধ ৰাইজে ডিপোটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । আনহাতে, এই খবৰ পোৱাৰ পিছতে তেল ডিপোটোত উপস্থিত হয় বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী । আনহাতে, তাত উপস্থিত হোৱা লোকসকলে নিজাববীয়াকৈ ডিপোটোৰ পেট্ৰ'ল পৰীক্ষা কৰাৰো উদ্যোগ লয় ।

উপস্থিত ৰাইজে ডিপোটোৰ পৰা পেট্ৰ'ল বটলত ভৰোৱাৰ পিছতেই দেখা যায় পানী মিহলি পেট্ৰ'ল । কিন্তু পেট্ৰ'ল ডিপোটোত কৰ্মৰত কৰ্মচাৰীসকলে সেই কথা মানি ল'ব নিবিচাৰে । তেওঁলোকে বিষয়টো মানি নোলোৱাৰ বাবেই দীৰ্ঘ সময় ধৰি পৰিস্থিতি উত্তপ্ত হৈ থাকে পেট্ৰ'ল ডিপোটোত । অৱশ্যে পিছত পেট্ৰ'ল ডিপোটোত উপস্থিত হয় ভাৰতীয় তেল নিগমৰ (Indian oil corporation) বিষয়াসকল ।

Adulterated petrol : পেট্র’ল ভেজালকৰণক লৈ লখিমপুৰৰ ডিপোত উত্তেজনা

লগতে ডিপোটোত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থানীয় আৰক্ষীও গৈ তাত উপস্থিত হয় । আৰক্ষীয়ে পিছত পৰিস্থিতি নিয়ন্ত্রণ কৰে । আনহাতে, ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষই পেট্ৰ'ল ডিপোটোৰ পৰা পেট্ৰ'লৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীৰ কাহিলিপাৰা আৰু ডিগবৈৰ তেল নিগমৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে । তাত পেট্ৰ'লৰ নমুনা পৰীক্ষাৰ পাছত কি ফলাফল ওলায় তাৰ ভিত্তিতে ডিপোটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে । উল্লেখ্য ইয়াৰ পূৰ্বেও ভেজাল পেট্ৰ'ল বিক্রীৰ বাবে বন্ধ কৰি দিয়া হৈছিল এভাৰেডী পেট্ৰ'ল ডিপোটো ।

উল্লেখ্য, মাজে-সময়ে পেট্ৰ'ল ডিপোবোৰে অসাধু পন্থা গ্ৰহণ কৰি গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বহু পেট্ৰ'ল ডিপোৰ বিৰুদ্ধে । পৰিমাণতকৈ কম পেট্ৰ'ল পোৱা, ভেজাল পেট্ৰ'ল বিক্ৰী কৰা আদি অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক :Education Minister Ranoj Pegu: বদলি বিচৰা শিক্ষকৰ বাবে সুখবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.