ETV Bharat / state

ULFA I Executes Two Cadre: লাচিতৰ পৰিয়ালত কান্দোনৰ ৰোল; সহোদৰৰ তেজেৰে হাত ৰাঙলী কৰিলে আলফা (স্বাঃ) এ

আলফা (স্বাঃ)ই মৃত্যুদণ্ড দিয়া সংগঠনটোৰ শীৰ্ষ নেতা লাচিত হাজৰিকা ওৰফে এ.জেদ শিৰোনাম অসমৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ ৷ শিৰোনাম অসমৰ মৃতদেহ বিচাৰি আলফা(স্বাঃ)ক কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ 1991 চনত সংগঠনটোত যোগদান কৰিছিল শিৰোনাম অসমে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:32 PM IST

Updated : Oct 3, 2023, 6:29 PM IST

ULFA I Executes Two Cadre
ULFA I Executes Two Cadre
লাচিতৰ পৰিয়ালত কান্দোনৰ ৰোল

বিহপুৰীয়া, 3 অক্টোবৰ: পুনৰ বঙহৰ তেজেৰে ৰাঙলী হ’ল আলফা স্বাধীনৰ ম্যানমাৰস্থিত মুখ্য শিবিৰ GHQ ৷ অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আলফা (স্বাঃ)ই মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি বিহিলে সংগঠনটোৰ দুগৰাকী কেডাৰ লাচিত হাজৰিকা ওৰফে এ.জেদ শিৰোনাম অসম আৰু নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমক ৷ বিগত 20 ছেপ্টেম্বৰত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

উল্লেখ্য যে নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি বিশ্বস্ত সহযোগী আছিল লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সান্দহখোৱাৰ লাচিত হাজৰিকা ওৰফে এ.জেদ শিৰোনাম অসম ওৰফে ব্ৰিগেডিয়াৰ চেমিল আলী ৷ স্মৰ্তব্য যে 1991 চনত আলফাত যোগদান কৰিছিল লাচিত হাজৰিকা ৷ পাকিস্তানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল লাচিত হাজৰিকাই ৷ লগতে সংগঠনৰ সংগঠনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানৰ অংশীদাৰ আছিল লাচিত ৷ অভিযোগ অনুসৰি ধেমাজি জিলাত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ সৈতেও জড়িত আছিল লাচিত হাজৰিকা ওৰফে এ.জেদ শিৰোনাম অসম ৷

জানিব পৰা মতে সেই সময়ত আলফাই ধৰি লৈ গৈছিল বিহপুৰীয়া কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰ লাচিত হাজৰিকাক ৷ মেধাসম্পন্ন ছাত্ৰগৰাকী আলফাত যোগদান কৰাৰ পিছৰে পৰা মাতৃয়ে পুত্ৰক বিছাৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাই আহিছিল ৷ ইফালে, লাচিতে আলফাত যোগদান কৰাৰ পিছৰে পৰা বিভিন্ন সময়ত সেনা বা আৰক্ষীৰ ফালৰ পৰা অমানুষিক অত্যাচাৰৰ সন্মুখিন হৈছিল তেওঁৰ পৰিয়ালটো ৷

তেতিয়াৰ আলফা আৰু বৰ্তমানৰ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰগৰাকীৰ মৃত্যুত পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ লাচিত হাজৰিকাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে পৰিয়ালোকৰ লোকে তেওঁৰ মৃতদেহ বিচাৰি আলফা(স্বাঃ)ৰ ওচৰত কাতৰ আহ্বান জনাইছে ৷ লগতে অসমীয়া যুৱকৰ তেজেৰে ফাকু নেখেলিবলৈও আলফা (স্বাঃ)ক আহ্বান জনাইছে লাচিতৰ পৰিয়ালৰ লোকে ৷

ইফালে, লাচিত হাজৰিকাৰ সৈতে মৃত্যুদণ্ডৰ সন্মুখীন হোৱা নয়নমণি চেতিয়াৰ পৰিয়ালৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ ৷

দুয়োকে এই কঠোৰ শাস্তি বিহা সন্দৰ্ভত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰদান কৰা নাই আলফা স্বাধীনে ৷ যোৱা 24 ছেপ্টেম্বৰত আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা পলায়ন কৰি অহা দুই সদস্যই আৰক্ষীৰ ওচৰত দিয়া স্বীকাৰুক্তিৰ পাছত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷

নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্য অনুসৰি আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা সকলো কেডাৰক লগত পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল লাচিত হাজৰিকা আৰু নয়নমণি অসমে ৷ সেই অভিযোগৰ ভিত্তিতে চলা বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত হোৱাৰ পাছত আলফা (স্বাঃ)ই দুয়োকে মৃত্যুদণ্ড বিহে ৷ অৱশ্যে প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷

লগতে পঢ়ক: Sensational Revelation over ULFA leaders excecution : লাচিত-বৰ্ণালীৰ মৃত্যু সম্পৰ্কে বিস্ফোৰক ভাষ্য আত্মসমৰ্পণকাৰী আলফা সদস্যৰ

Last Updated : Oct 3, 2023, 6:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.