ETV Bharat / state

য়েছে দৰজে ঠংছিৰ সমৰ্থনত দুই যুৱকৰ চাইকেল যাত্ৰা

author img

By

Published : Aug 14, 2022, 4:35 PM IST

প্ৰখৰ ৰ’দে দহিছে ৰাজ্যবাসীক। ৰাইজে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ কাষ চাপিছে। পিছে এনে প্ৰখৰ ৰ’দ আৰু গৰমকো নেওচি দুই যুৱকে ৰাষ্ট্ৰীয় ঘাইপথৰে চলাইছে চাইকেল । এখনৰ পিছত আনখনকৈ জিলা চাইকেলেৰে অতিক্ৰম কৰিছে দুই ব্যতিক্ৰমী যুৱকে (Two Youths bicycle ride) ৷

Two youths ride bicycle in support of Assam Sahitya Sabha Presidential candidate Yeshe Dorjee Thongchi
য়েছে দৰজে ঠংছিৰ সমৰ্থনত দুই যুৱকৰ চাইকেল যাত্ৰা

লখিমপুৰ, ১৪ আগষ্ট: দুই যুৱকৰ অসম-অৰুণাচলৰ সমন্বয় চাইকেল যাত্ৰা। প্ৰখৰ ৰ’দ আৰু গৰমকো নেওচি দুই ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱকে চাইকেলেৰে পৰিভ্ৰমণ কৰিছে ইখনৰ পিছত সিখনকৈ জিলা । এই বিশেষ যুৱক দুজনৰ নাম আবিদ আজাদ আৰু ছফিউজ জামান ৷

অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ (Padmashri awardee Yeshe Dorjee Thongchi) সমৰ্থনত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰে পৰা অৰুনাচলৰ পূৱ চিয়াং জিলা পাছিঘাটৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ হৈ অৰুণাচল লৈ চাইকেল যাত্ৰা আৰম্ভ কৰিছে যুৱক দুজনে ৷ অসম আৰু অৰুনাচলৰ ভাতৃত্ববোধৰ এনাজৰীডাল অধিক মজবুত কৰাৰ লক্ষ্যৰে চাইকেল যাত্ৰা দুই যুৱকৰ (Two Youths bicycle ride) ৷

উল্লেখ্য যে, অৰুনাচলৰ বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ য়েছে দৰজে ঠংছিক অসম সাহিত্য সভাৰ সভাপতি ৰূপে অধিষ্ঠিত কৰিবলৈ ৰাইজৰ দৃষ্টি আৰ্কষণ কৰিবলৈ এই চাইকেল যাত্ৰা কৰা যুৱক দুজনে বিনা প্ৰতিদ্বন্দ্বিতাৰে ঠংছিক বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় (Assam Sahitya Sabha Presidential candidate Yeshe Dorjee Thongchi) ৷ বিশিষ্ট সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ সভাপতি হ’লে দুয়ো ৰাজ্যৰ সম্প্ৰীতি সুদৃঢ় হোৱাৰ লগতে দুয়ো ৰাজ্যৰ সীমান্তৰ বাসিন্দাৰ মাজত চলি থকা সংঘাত বহু পৰিমাণে শাম কাটিব বুলি আশা ব্যক্ত কৰে যুৱক দুজনে ।

আজি দুপৰীয়া চাইকেল যাত্ৰা কৰি লখিমপুৰত উপস্থিত হোৱা যুৱকদ্বয়ক নগৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেকগেটত শতাব্দ নামৰ ডিজিটেল কাকত গোষ্ঠী, মাছ আদিকে ধৰি বিভিন্ন সংগঠন তথা অনুষ্ঠানৰ তৰফৰ পৰা আদৰণি জনোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে, য়েছে দৰজে ঠংচি এগৰাকী বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ। 'জোনবাই' নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল।

লগতে পঢ়ক: অৰুণাচলত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন ভাৰতীয় সেনাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.