বিহপুৰীয়া,১৬ মে': ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত(Police against Drugs) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিহপুৰীয়াটো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অবিৰত ৰাখিছে অভিযান । পুনৰ আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজনক(Police arrested two drugs padler with drugs) ।
বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে সোমবাৰে সন্ধ্যা লখিমপুৰ জিলাৰ ঢলপুৰত চলাইছিল অভিযান । অভিযান কালত নজৰুল ইছলাম আৰু আবুবকৰ ছিদ্দিক নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
বিহপুৰীয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত ঢলপুৰ তিনিআলিৰ পৰা তিনি পেকেট সন্দেহযুক্ত হে’ৰইন আৰু ম’বাইল ফোন সহ ড্ৰাগছ সৰবৰাকাৰী কেইটাক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে ঢলপুৰৰ এজন লোকক ১ লাখ টকা বিনিময়ত দিবলৈ আহিছিল ড্ৰাগছখিনি ৷
ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ নগাঁৱৰ জুৰিয়াত বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোচা অব্যাহত ৰাখিছে । জব্দকৃত ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৩২ গ্ৰাম ।
লগতে পঢ়ক: হঠাৎ বৃদ্ধি গুৱাহাটী-শিলচৰৰ বিমান ভাড়া: পৰিস্থিতিৰ সুযোগ লৈছে বিমান কোম্পানীয়ে