ETV Bharat / state

Drugs seized at Lakhimpur : লখিমপুৰত মহিলাৰ দেহৰ পৰা ওলাল ড্ৰাগছ

author img

By

Published : Jan 26, 2022, 11:18 AM IST

আৰক্ষী যিমানেই তৎপৰ হৈছে, সিমানেই ন ন কৌশল অৱলম্বন কৰিবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ মঙলবাৰে লখিমপুৰত কৰায়ত্ত দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ মহিলা সৰবৰাহকাৰীয়ে শৰীৰৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ (Drugs seized at Lakhimpur) ৷

two-persons-caught-with-drugs-in-lakhimpur
লখিমপুৰত মহিলাৰ দেহৰ পৰা ওলাল ড্ৰাগছ

লখিমপুৰ, 26 জানুৱাৰী : অসম আৰক্ষীৰ নেৰানেপেৰা চেষ্টাৰ পিছতো যেন নিঃশেষ নহ’ব ড্ৰাগছৰ বিশাল সাম্ৰাজ্য ৷ আৰক্ষীয়ে কঠোৰ হাতেৰে ড্ৰাগছৰ সাম্ৰাজ্য উৎখাত কৰাত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে সৰবৰাহকাৰীয়ে সলনি কৰিছে এই ব্যৱসায়ৰ কৌশল ৷ কেতিয়াবা যদি বাহনৰ গোপন কক্ষত লুকুৱাই ড্ৰাগছ আনে, তেন্তে আন কেতিয়াবা আকৌ আনে কণ্টেইনাৰত ৷ কিন্তু এইবাৰৰ ঘটনা আকৌ এখোপ চৰা ৷ মহিলা সৰবৰাহকাৰীয়ে শৰীৰৰ ভিতৰত লুকুৱাই আনিলে ড্ৰাগছৰ দৰে নিষিদ্ধ সামগ্ৰী ৷

এই ঘটনা সংঘটিত হৈছে লখিমপুৰত (Drugs seized at Lakhimpur) ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে বান্দৰদেৱা আৰক্ষীয়ে পথালিপাহাৰৰ স্থানীয় ৰাইজৰ সহযোগত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান ৷ আৰক্ষীৰ এই অভিযানৰ উমান নোপোৱা দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে বিক্ৰীৰ বাবে আনিছিল নিচাযুক্ত সামগ্ৰী ৷ কিন্তু অভিযানকাৰী দলটোৱে অসম-অৰুণাচল সীমান্তৰ পথালি পাহাৰৰ সমীপত ড্ৰাগছ বিক্ৰীৰ বাবে অহা এজন পুৰুষ আৰু এগৰাকী মহিলা সৰবৰাহকাৰীক কৰায়ত্ব কৰে (Drugs paddler arrested in Lakhimpur)৷

ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে পাৰ্বতীপুৰৰ উষালতা দলে আৰু বিহপুৰীয়া থানাৰ অন্তৰ্গত বদতি বনমালী কুটুমৰ কবলৰ পৰা 25.50 গ্ৰাম হেৰ’ইন সহ দুটা ম’বাইল ফোন আৰু AS 07 D 6544 নম্বৰৰ এখন এল্ট’ বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত চলা এই ড্ৰাগছ বিৰোধী অভিযানত উষালতা দলে নামৰ সৰবৰাহকাৰীয়ে অনন্য পন্থা গ্ৰহণ কৰি শৰীৰৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি ৷ উক্ত নিচাজাতীয় সামগ্ৰীখিনি হেৰ’ইন বুলি আৰক্ষীয়ে নিশ্চিত কৰাৰ লগতে ইয়াৰ বজাৰমূল্য প্ৰায় 3 লক্ষাধিক টকা বুলি সদৰী কৰে ৷

লগতে চাওক: Nagaon Police Encounter : আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.