ETV Bharat / state

নীৰৱে কাছ সংৰক্ষণ কৰিছে এগৰাকী ব্ৰাহ্মণ পুৰোহিতে

author img

By

Published : May 27, 2021, 9:48 PM IST

আজি বিশ্ব কাছ দিৱস ৷ চৰ্চালৈ আহিছে কাছ সংৰক্ষণত নীৰৱে জড়িত থকা ঢকুৱাখনাৰ মাজ জালভাৰীৰ ব্ৰাহ্মণ পুৰোহিত অতুল চন্দ্ৰ শৰ্মাৰ নাম ৷ এতিয়ালৈকে দানসূত্ৰে পোৱা 120 টা সৰু-বৰ কাছ নৈ আৰু বিলত মুকলি কৰি দিছে পুৰোহিতগৰাকীয়ে ৷ বিশ্ব কাছ দিৱসৰ দিনাও চাৰিকড়িয়া নৈত এটি দুষ্প্ৰাপ্য কাছ মুকলি কৰে পুৰোহিত অতুল চন্দ্ৰ শৰ্মাই ৷

turtle-conservation-by-a-brahmin-priest
কাছ সংৰক্ষণ কৰিছে এগৰাকী ব্ৰাহ্মণ পুৰোহিতে

নাওবৈচা,27 মে’ : বিশ্ব কাছ দিৱস উপলক্ষে চৰ্চালৈ আহিছে কাছ সংৰক্ষণত নীৰৱে জড়িত থকা এগৰাকী ব্ৰাহ্মণ পুৰোহিতৰ নাম ৷ কাছ সংৰক্ষণত নীৰৱে জড়িত এই ব্ৰাহ্মণ পুৰোহিত গৰাকীয়ে হ’ল লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মাজ জালভাৰীৰ অতুল চন্দ্ৰ শৰ্মা ৷ বৰ্তমানলৈকে দানসূত্ৰে পোৱা 120 টা সৰু-বৰ কাছ নৈ আৰু বিলত মুকলি কৰি দিছে এগৰাকী পুৰোহিতে ৷

বিশ্ব কাছ দিৱসৰ দিনাও তেওঁ চাৰিকড়িয়া নৈত এৰিলে এটি দুষ্প্ৰাপ্য কাছ ৷ উল্লেখ্য যে, বিগত 31 বছৰে কাছ সংৰক্ষণৰ ক্ষেত্ৰখনত জড়িত হৈ আছে পুৰোহিত অতুল চন্দ্ৰ শৰ্মা ৷ পুৱাৰ ভাগতে দান হিচাপে লাভ কৰা বৰ কাছ পোৱালিটো সংবাদ মাধ্যম আৰু ঢকুৱাখনা বন সংমণ্ডলৰ বিট অফিচাৰ চন্দ্ৰকান্ত দাসৰ সহযোগত জালভাৰীস্থিত চাৰিকড়িয়া নৈত মুক্ত কৰি দিয়ে সচেতন পুৰোহিতগৰাকীয়ে ৷

1990 চনৰ পৰাই বৈদিক সমাজৰ ধৰ্মীয় ৰীতি-নীতি, সংস্কাৰ আৰু ধৰ্মীয় অনুষ্ঠানত পুৰোহিত হিচাপে কাম কৰি অহা অতুল শৰ্মাই বিভিন্ন ব্যক্তিৰ পৰা বিভিন্ন সময়ত দান সূত্ৰে লাভ কৰিছিল সৰু-বৰ কাছ । বিভিন্ন স্থানত কাছ সংৰক্ষণৰ বাবে অকলেই সজাগতাৰ সৃষ্টি কৰি আহিছে পুৰোহিতগৰাকীয়ে ।

ব্ৰাহ্মণ পুৰোহিত অতুল শৰ্মাই কাছ নধৰিবলৈ আৰু ভক্ষণ নকৰিবলৈ আহ্বান জনাই কয় যে, কাছ হৈছে পানী পৰিস্কাৰৰ এবিধ গুৰুত্বপূৰ্ণ জীৱ । বৰ্তমান সময়ত দিনক দিনে পৃথিৱীৰ পৰা বিভিন্ন কাৰণত কাছৰ প্ৰজাতি হ্ৰাস পাই আহিছে । সেয়েহে কাছ সংৰক্ষণৰ ব্যৱস্থা সকলোৱে কৰিব লাগে । লগতে তেওঁ কাছ হত্যা কৰি ভক্ষণ নকৰিবলৈ সকলোকে অনুৰোধ জনায় ৷

লগতে পঢ়ক : ডিগবৈত অবৈধ তেল ভাণ্ডাৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.