ETV Bharat / state

বিলাসী বাহন নহয়, ট্ৰেক্টৰ সজাই-পৰাই কইনা নিবলৈ আহিল দৰা - EXCEPTIONAL ASSAMESE WEDDING

এখন ব্য়তিক্ৰমী বিয়া । কৃষকৰ পুত্ৰই জীৱন সংগীৰ ঘৰলৈ অহা এখন বাহনক লৈ হৈছে চৰ্চা ।

Exceptional Assamese wedding in Bajali
পাঠশালাৰ এখন ব্য়তিক্ৰমী বিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 8:20 PM IST

বৰপেটাৰোড : বিয়া বুলি ক'লে সকলোৰে মনত জাগি উঠে এক শিহৰণ তথা অনন্য অনুভূতি । কাৰোবাৰ যদি ডেষ্টিনেচন ৱেডিং, আন কোনোবাই আকৌ তেওঁলোকৰ বিয়াৰ বাবে এক নিৰ্দিষ্ট বিষয়বস্তু অনুসৰণ কৰা দেখা যায় । এই বিবাহকাৰ্য আকৌ বহুতে ব্যতিক্ৰমী ৰূপত সমাপন কৰিব বিচাৰে যাতে জীৱনৰ বিশেষ দিনটো সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰয় । তেনে এক দৃশ্য়ৰে প্ৰতিফলিত হ'ল পাঠশালাৰ এখন বিয়াত ।

সৰভোগৰ সাউদপাৰাৰ প্ৰণামী সাউদৰ বিয়াত সন্ধিয়াৰে পৰাই মানুহৰ অপেক্ষা । দৰা কেতিয়া আহিব অথবা লগত কিমান মানুহ আহি ৰভাথলীত ভিৰ কৰিব তাকলৈ কইনা পক্ষই অপেক্ষা কৰা নাই, কৰিছে মাথো দৰাজন কি বাহনত আহিব । অৱশেষত অপেক্ষাৰ অন্ত পৰিল । প্ৰচণ্ড শব্দৰে আহিল দৰাৰ বাহন । কইনাৰ ঘৰৰ সন্মুখত ৰ'ল এখন ট্ৰেক্টৰ । শুভ্ৰ সাজ পৰিধান কৰা দৰাই লাজুক লাজুক ভাৱেৰে নামিল ট্ৰেক্টৰৰ পৰা ।

পাঠশালাৰ এখন ব্য়তিক্ৰমী বিয়া (ETV Bharat Assam)

পাঠশালাৰ এখন ব্যতিক্ৰমী বিয়া । বিলাসী বাহনৰ পৰিৱৰ্তে কইনাক নিবলৈ দৰা আহিল ট্ৰেক্টৰত । সৰভোগৰ সাউদপাৰাৰ কইনাক আদৰি নিবলৈ ট্ৰেক্টৰত আহিল দৰা । প্ৰীতম শৰ্মা নামৰ যুৱকজনে সৰভোগৰ সাউদপাৰাৰ প্ৰণামী সাউদৰ সৈতে শনিবাৰে বিবাহপাশত আৱদ্ধ হয় । দৰা প্ৰীতম শৰ্মা খেতিয়কৰ পুত্ৰ হোৱা বাবে তেওঁৰ কইনাক ঘৰলৈ আদৰি নিবলৈ সৰভোগৰ সাউদপাৰালৈ বৰযাত্ৰী ৰূপে আহিল ট্ৰেক্টৰত ।

Exceptional Assamese wedding in Bajali
পাঠশালাৰ এখন ব্য়তিক্ৰমী বিয়া (ETV Bharat Assam)

এই বিবাহ সন্দৰ্ভত দৰাৰ সখীয়ে কয়, “সৰভোগৰ যুৱতী এগৰাকীৰ সৈতে পাঠশালাৰ যুৱকৰ বিবাহ ঠিক হোৱাৰ পাচত কইনাক আদৰি নিবলৈ গৰুৰ গাড়ীলৈ আহিব বুলি দৰা পক্ষই কল্পনা কৰিছিল । কিন্তু গৰু মিলিল যদিও গৰুগাড়ী নিমিলিল । অসম এখন কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমীয়াৰ সন্তানে নাঙলৰ মুঠিত নধৰিলে গত্যন্তৰ নাই । দৰা নিজেও এজন খেতিয়কৰ সন্তান ৷ সেয়ে নিজৰ কইনাক ঘৰলৈ আদৰি নিবলৈ বজালীৰ পাঠশালাৰ পৰা বৰযাত্ৰী ট্ৰেক্টৰেৰে আহে ।”

কইনা ঘৰত উপস্থিত হৈ এই সন্দৰ্ভত দৰাই কয়, “মোৰ কইনাক টেক্টৰেৰে তুলি নিয়াৰ চিন্তা চৰ্চাটো প্ৰথমে মোৰ বন্ধু এজনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লৈছিলো । সেই আলোচনা কাৰ্যকৰী কৰাৰ বাবে কইনাক আদৰি নিবলৈ টেক্টৰলৈ আহিছো । এতিয়া ৰাইজে বা কি কয় ! সেয়া মই নাজানো ৷ ”

যিসময়ত নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে নিজৰ কইনাক বিলাসী বাহন সজাইপৰাই নিজৰ ঘৰলৈ ন কইনাক আদৰি আনে ঠিক তেনেসময়তে পাঠশালাৰ দৰা প্ৰীতম শৰ্মাই ট্ৰেক্টৰ সজাইপৰাই বৰযাত্ৰী হিচাপে আহি যুগ্মজীৱনৰ পাতনি মেলা কাৰ্যত সৰভোগৰ সাউদপাৰাত এক কৌতূহলৰ সৃষ্টি হৈছে ৷ ট্ৰেক্টৰেৰে অহা বৰযাত্ৰীক চাবলৈ সাউদপাৰাৰ বহুলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:মাই কান্দে আয়ৈ-বিয়ৈ, দেউতাই কান্দে ৰৈ... দেউতাই পোহা মইনা চৰাই আজি উৰি যায় ! - COMMUNITY MARRIAGE IN TINSUKIA

কমলৰ ভনীয়েক নহয়, হোমক সাক্ষী কৰি ৰিয়েল লাইফত বিদিশাৰ স্বামী হ’ল মোহন - DEEPJYOTI KEOT WEDDING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.