নাওবৈচা, ১০ মে' : শনিবাৰে লখিমপুৰ জিলাৰ নাওবৈচাত সংঘটিত হয় এক ভয়ংকৰ ট্ৰাক দুৰ্ঘটনা । ফলত থিতাতে নিহত হয় ট্ৰাকখনৰ চালক। AS ০১- DC ২১৯৯ নম্বৰৰ ট্ৰাকখনে গুৱাহাটীৰ পৰা লখিমপুৰ নগৰলৈ সামগ্ৰী কঢ়িয়াই আনি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাওবৈচা ব্লক তিনিআলিৰ সমীপত এজোপা গছত খুন্দা মাৰে ৷ ফলত ট্ৰাকৰ চালক দিগন্ত দাসৰ( ২২) থিতাতে মৃত্যু হয়।
মৃত চালকজন লখিমপুৰৰ চাৱতি চওখাম গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ নিকতৱৰ্তী নাওবৈচা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ চালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।