ETV Bharat / state

Tribute Nipon Goswami: প্ৰয়াত নিপন গোস্বামীলৈ লখিমপুৰ ছাত্ৰ সন্থাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - Pass away Veteran Actor Nipon Goswami

বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া ছবিগতৰ যুগদ্ৰষ্টা নিপন গোস্বামীয়ে(Pass away Veteran Actor Nipon Goswami) । অসমৰ অন্য এক নক্ষত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে ৰাজ্যবাসী । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লখিমপুৰ ছাত্ৰসন্থাই ।

tribute to late nipon goswami at lakhimpur
প্ৰয়াত নিপন গোস্বামীলৈ লখিমপুৰ ছাত্ৰ সন্থাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
author img

By

Published : Oct 28, 2022, 9:37 AM IST

Updated : Oct 28, 2022, 10:03 AM IST

লখিমপুৰ,২৮ অক্টোবৰ: সমগ্র অসমবাসীক শোকসাগৰত ডুবাই কাহানিও উভটি নহা পথেৰে বৃহস্পতিবাৰে ইহ সংসাৰৰ পৰা বিদায় ললে অসমৰ সাংস্কৃতিক জগতৰ পিতামহস্বৰূপ নিপন গোস্বামীয়ে(Pass away Veteran Actor Nipon Goswami) । অসমীয়া ছবিজগতৰ চুপাৰষ্টাৰ গৰাকীৰ বিয়োগে শোকাচ্ছন্ন কৰি তুলিছে সমগ্র ৰাজ্যক । ৰাজ্যৰ বিভিন্ন স্থানত মৰমৰ শিল্পীগৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

লখিমপুৰতো ছাত্রসন্থাৰ উদ্যোগত প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়(Tribute to late Nipon Goswami at Lakhimpur) । লখিমপুৰ নগৰৰ খেলপথাৰত প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় বিধায়ক মানৱ ডেকা আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে । অসমৰ চলচিত্র জগতৰ পিতামহ তথা সাংস্কৃতিক ক্ষেত্রখনৰ ভোটাতৰাস্বৰূপ নিপন গোস্বামীৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোক প্রকাশ কৰে ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।

প্ৰয়াত নিপন গোস্বামীলৈ লখিমপুৰ ছাত্ৰ সন্থাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

স্থানীয় বিধায়ক মানৱ ডেকাই কয় যে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ প্ৰয়োজনেই নাই । চৰকাৰে নিশ্চয় অসমৰ ৰাইজৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ ব্যবস্থা কৰিব ।

উল্লেখযোগ্য যে, অসমীয়া চলচিত্ৰ জগতৰ মহীৰূহ স্বৰূপ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বৃহস্পতিবাৰে পুৱা নেমকেয়াৰ চিকিৎসালয়ত দেহাৱসান ঘটে । অভিনেতা গৰাকীৰ দেহাৱসানৰ সৈতেই অৱসান ঘটে অসমীয়া চলচিত্ৰ জগতৰ এটা বৰ্ণিল অধ্যায়ৰ । শুকুৰবাৰে অৰ্থাৎ পুৱা ৯ বজাত জ্যোতি চিত্ৰবনৰ পৰা শেষ যাত্ৰ আৰম্ভ হৈছে অসমৰ চলচিত্ৰ জগতৰ প্ৰিয় অভিনেতাজনৰ ।

প্ৰথমে কলাক্ষেত্ৰ তাৰ পিছত চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ কাৰ্যালয়ত গুণমুগ্ধই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে দীঘলী পুখুৰীলৈ লৈ যোৱা হ’ব অভিনেতাজনৰ নশ্বৰ দেহ । তাৰ পৰা দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব অসমীয়া ছবি জগতৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ(Funeral of Veteran Nipon Goswami will be held with full state dignity) ৷

লগতে পঢ়ক: Actor Nipon Goswami is no more : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ শোক প্ৰকাশ

Last Updated : Oct 28, 2022, 10:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.