ETV Bharat / state

Awarenes on snake bite treatment:সৰ্প দংশনৰ চিকিৎসাৰ অন্তৰায় হ'ল অন্ধবিশ্বাস

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 4:16 PM IST

সৰ্প দংশন এতিয়া মৃত্যুৰ কাৰণ নহয় । সৰ্প দংশনৰ বাবে আছে শক্তিশালী চিকিৎসা ব্যৱস্থা । অন্তৰায় কেৱল সজাগতাৰ অভাৱ ।

Snake bite treatment and superstition
ডাঃ সুৰজিত গিৰি

ডাঃ সুৰজিত গিৰি

লখিমপুৰ, ১৬ ছেপ্টেম্বৰ:"সৰ্প দংশন মানেই মৃত্যু নহয় । সৰ্প দংশন মানুহ আৰু সাপৰ এক সংঘাত । "এই মন্তব্য ডাঃ সুৰজিত গিৰিৰ । এইদৰে মন্তব্য় কৰি তেওঁ কয় যে সৰ্প দংশনৰ শক্তিশালী আধুনিক চিকিৎসা ব্যবস্থা আছে । সময়মতে চিকিৎসা প্ৰদান কৰিলে যি কোনো সৰ্পই দংশন কৰা ৰোগী নিশ্চিত ভাৱে সুস্থ হয় । সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্রত অন্তৰায় হ'ল অন্ধ বিশ্বাস, বেজ -বেজালিৰ চিকিৎসা । যাৰ বাবে ৰোগীয়ে প্ৰাণ হেৰুওৱাৰ সম্ভাৱনা বেছি ।

ডাঃ সুৰজিত গিৰিই কয় যে অসমত ১৩ শতাংশ সাপহে বিষধৰ । আন সাপৰ দংশন প্ৰাণঘাতী নহয় । এনে বিষহীন সাপে দংশন কৰা লোকক বেজালি কৰি ভাল কৰা বুলি বেজে দাবী কৰে । জৰা-ফুকা আদি অন্ধবিশ্বাসৰ পৰা এতিয়াও বুজন সংখ্যক লোক মুক্ত হ'ব পৰা নাই বুলি মন্তব্য কৰিছে সৰ্প দংশনৰ ক্ষেত্রত সামাজিক সজাগতা সৃষ্টিৰ হকে কাম কৰা ডাঃ সুৰজিত গিৰিয়ে । লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত শনিবাৰে চিকিৎসক সকলক লৈ আয়োজন কৰা সৰ্প দংশনৰ চিকিৎসা আৰু সজাগতা শীৰ্ষক প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰা ডাঃ গিৰিয়ে এনেদৰে কয় ।

তেওঁ পুনৰ কয় যে সৰ্প দংশন মানেই মৃত্যু নহয় । এই ধাৰণা দূৰ কৰা উচিত । সৰ্প দংশনৰ লগে লগে বেজ বেজালিৰ ওচৰ নাচাপি চিকিৎসালয়লৈ ৰোগীক নিলে ভয়ৰ কাৰণ নাই । কাৰণ সৰ্প দংশনৰ বাবে এতিয়া শক্তিশালী উপযুক্ত চিকিৎসা আছে । সৰ্প দংশন মানে মৃত্যু নহয় বুলি উল্লেখ কৰি সাপ আৰু মানুহৰ এক সংঘাত বুলি তেওঁ মন্তব্য় কৰে ।

সৰ্প দংশনৰ ক্ষেত্রত সামাজিক সজাগতা সৃষ্টিৰ হকে কাম কৰা ডাঃ সুৰজিত গিৰিয়ে সমাজৰ পৰা বিশেষকৈ গ্ৰামাঞ্চলত শিপাই থকা এনে অন্ধবিশ্বাস দূৰ কৰিবলৈ যথেষ্ট সময় লাগিব বুলি কয় । এই ক্ষেত্ৰত ইতিমধ্যে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰক সজাগতাৰ হকে ব্যবস্থা গ্রহণ কৰিবলৈ প্ৰস্তাব দাখিল কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । চৰকাৰৰ উদ্যোগত তৃণমূল পৰ্যায়ত ৰাইজক সজাগ-সচেতন কৰি অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব পাৰিলে অসমত সৰ্প দংশনত মৃত্যুৰ হাৰ শূন্য হ'ব বুলি ডাঃ সুৰজিত গিৰিয়ে আশা প্ৰকাশ কৰি ।

লগতে পঢ়ক:Mysterious death Dhanti Heera : পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱত ধন্তি হীৰাৰ মাতৃৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.