ETV Bharat / state

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত ক্ৰেচ লেণ্ডিং কৰিলে পাইলটে

author img

By

Published : Jul 20, 2023, 7:42 AM IST

লখিমপুৰত নিশা পাইলট প্ৰশিক্ষণৰত বিমানত অঘটন । পাইলটে ক্ৰেচ লেণ্ডিং কৰিলে চকা খোল নোখোৱা বিমানৰ । ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ।

training aircraft makes crash landing on lilabari airport
লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত ক্ৰেচ লেণ্ডিং কৰিলে পাইলটে

লখিমপুৰ ২০ জুলাই: উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে দ্বিতীয় স্থানত থকা লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত বুধবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ উপক্ৰম ঘটিছিল । পাইলট প্ৰশিক্ষণৰত এখন বিমানৰ অৱতৰণ সময়ত চকা খোল নোখোৱাত জৰুৰী অৱস্থা সৃষ্টি হয় বিমান বন্দৰটোত । অৱশেষত ক্ৰেচ লেণ্ডিং কৰিবলগীয়া হয় বিমানখনে । এই ঘটনাত এগৰাকী পাইলট প্ৰশিক্ষাৰ্থী যুৱতী সামান্য আহত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য লীলাবাৰী বিমান বন্দৰটোৰ ভিতৰত আছে ৰেড বাৰ্ড এভিয়েচন প্ৰাইভেট লিমিটেডৰ এক পাইলট প্ৰশিক্ষণ কেন্দ্র । প্ৰায় দুবছৰৰ আগতে আৰম্ভ কৰা এই পাইলট প্ৰশিক্ষণ কেন্দ্রটো মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিৰাই । উত্তৰ পূৰ্বাঞ্চলৰ বহু প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্রহণ কৰা এই কেন্দ্রটোৰ এখন প্ৰশিক্ষণ প্ৰদান কৰা বিমানত এই অঘটনটো ঘটে ।

বুধবাৰে সন্ধিয়া এগৰাকী যুৱতী পাইলট প্ৰশিক্ষাৰ্থীক লৈ এজন প্ৰশিক্ষক পাইলটে বিমানখনত উৰা মাৰিছিল । কিছু সময় আকাশী পথত প্ৰশিক্ষণ দি বিমানখন ঘূৰি আহি বন্দৰটোত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে অঘটনটো ঘটে । বিমানখনৰ চকা খোল নোখোৱাত পাইলটজন বিপদত পৰে । যাৰবাবে বিমানখন অৱতৰণ কৰিব নোৱাৰা হৈ পৰে ।

পাইলটজনে এই সংকটৰ বাৰ্তা বিমান বন্দৰলৈ প্ৰেৰণ কৰাৰ লগে লগে বন্দৰটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । জৰুৰী অৱস্থা ঘোষণা কৰা হয় বিমান বন্দটোত । অগ্নিনির্বাপক বাহিনী সষ্টম হৈ পৰে । ৰাণৱেত বিশেষ তৰল পদার্থ ঢালি দিয়া হয় । আৰক্ষী, কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীও সষ্টম হৈ পৰে । সকলোৱে উৎকন্ঠাৰে এক ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ত্ৰস্তমান হৈ পৰে । ইফালে বিমানখনৰ পাইলটে এক বিশেষ বুদ্ধিমত্তাৰ পৰিচয় দিয়ে । চকা নোহোৱাকৈ বিমানখনক ক্ৰেচ লেণ্ডিং কৰালে ঘৰ্ষণত বিমানখনৰ ইন্ধনত জুই লাগি ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰি তেওঁ বিমানখন আকাশতে বহু সময় ধৰি উৰুৱাই ৰাখে ।

বিমানখন উৰুৱাই ইন্ধন শেষ হোৱাৰ মুহুর্ততে পাইলটজনে বিমানখন ৰাণৱেৰ একেবাৰে শেষ সীমাত নি ক্ৰেচ লেণ্ডিং কৰিবলৈ সক্ষম হয় । নিশা এইদৰে বিপদজনকভাৱে বিমানখন অৱতৰণ কৰোৱা হয় যদিও কোনো দুৰ্ঘটনা সংঘটিত নহ’ল । ক্ৰেচ লেণ্ডিং কৰোতে ঘৰ্ষণত স্ফুলিংগ ওলাইছিল যদিও বিমানখনত ইন্ধন নথকাৰ বাবে অগ্নিকাণ্ডৰ সূচনা নহ’ল । ক্ৰেচ লেণ্ডিঙৰ ফলত প্ৰশিক্ষাৰ্থী যুৱতীগৰাকী আহত হ’লেও গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে । প্ৰশিক্ষক পাইলটজনৰ উপস্থিত বুদ্ধিমত্তা আৰু সাহসৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিমানখনৰ লগতে বিমান বন্দৰটো ।

লগতে পঢ়ক: BERNIE BRIDGE CASE : বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.