ETV Bharat / state

Wildlife crime: বনৰজাৰ অংগসহ লখিমপুৰত আটক তিনি চোৰাং বেপাৰী

author img

By

Published : Feb 8, 2022, 9:58 PM IST

বাঘৰ অংগ বিক্ৰী কৰিবলৈ গৈ লখিমপুৰত বনবিভাগৰ জালত পৰিল তিনিটাকৈ চোৰাং বেপাৰী ৷ চোৰাং বেপাৰীকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে বাঘৰ ছাল, নখ আৰু হাড় (Three smugglers arrested with tiger skin, bones etc)৷

Tiger parts seized in Lakhimpur
বনৰজাৰ অংগসহ লখিমপুৰত আটক তিনি চোৰাং বেপাৰী

লখিমপুৰ, ৮ ফেব্ৰুৱাৰী: বনৰজাৰ অংগ বিক্ৰী কৰিবলৈ আহি বনবিভাগৰ জালত পৰিল তিনিটাকৈ চোৰাং বেপাৰী ৷ লখিমপুৰৰ বান্দৰদেৱাত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু বনবিভাগৰ অভিযানত ধৰাপৰে এই চোৰাং বেহাৰ ঘটনা (Three smugglers arrested with tiger skin, bones etc in Lakhimpur) ।

বাঘৰ ছাল, নখ, হাড় বিক্ৰী কৰিবলৈ আহোতে জালত পৰিল তিনি যুৱক । ইয়াৰে দুটা চোৰাং বেপাৰীৰ ঘৰ অৰুণাচলত আৰু এটাৰ ঘৰ অসমত । ধৃত চোৰাং বেপাৰীকেইটা হৈছে জোনাইৰ প্ৰবীণ দলে, অৰুণাচলৰ আলোৰ নায়া নায়া য়ুংছা আৰু টাপে য়ুংছা । এমাহ পূৰ্বে এটা ঢেঁকীয়াপতীয়া বাঘক হত্যা কৰি অংগসমূহ অসমত বিক্ৰীৰ যো-যা কৰিছিল এই দলটোৱে ।

মঙলবাৰে বিক্ৰী কৰিবলৈ অহাৰ সময়তে জালত পৰিল অভিযানকাৰী দলৰ (Indian Wildlife Crime Control Bureau) । সম্প্ৰতি হাৰমতী বন বিষয়াৰ কাৰ্যালয়ত জেৰা অব্যাহত । উল্লেখ্য যে, বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা অব্যাহত থকাৰ কথা এনেধৰণৰ ঘটনাই প্ৰমাণ কৰিছে । অৰ্থৰ লোভত একাংশ দুস্কৃতিকাৰীয়ে নিৰীহ বন্য জীৱ-জন্তু হত্যা কৰি চোৰাং বেহা চলাই আহিছে ।

লগতে পঢ়ক: Oil tanker accident: তিতাবৰৰ খৰিকটীয়াত দুৰ্ঘটনাগ্ৰস্ত ডিজেল ভৰ্তি টেংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.