লখিমপুৰ, 19 নৱেম্বৰ: ভগৱানো সাৰি নগ'ল চোৰৰ শেন চকুৰ পৰা ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী চকীৰ পৰা দুশ মিটাৰ দূৰত্বৰ এটি মন্দিৰত চোৰে চলালে লুট -পাত ৷ বিহপুৰীয়া নগৰৰ মাজমজিয়াৰ শ্ৰী শ্ৰী ৰাধা-কৃষ্ণ ঠাকুৰবাড়ী মন্দিৰৰ পৰা সোমবাৰে নিশা চোৰে লুটি নিয়ে এটি মূৰ্তি ৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
নিশা চোৰে লুটি নিয়ে ভগৱান শ্ৰী কৃষ্ণৰ এটি পিতলৰ মূৰ্তি ৷ মঙলবাৰে পুৱা মন্দিৰৰ পূজাৰীয়ে মন্দিৰত প্ৰৱেশ কৰাৰ পিচত পোহৰলৈ আহে চুৰি কাৰ্যৰ ঘটনা ৷ মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ তলা ভাঙি মূৰ্তি লৈ উধাও হয় চোৰ । পূজাৰীৰ লগতে স্থানীয় লোকৰ সন্দেহ সোণৰ মূৰ্তি বুলি চোৰে এই চুৰি কাৰ্য সংঘটিত কৰিছে ৷ কিন্তু সোণৰ মূৰ্তিৰ বিপৰীতে চোৰে ডাঙি নিলে পিতলৰ মূৰ্তি ।
লগতে চাওক-গুৱাহাটীত গ্ৰেপ্তাৰ 5 দুৰ্ধৰ্ষ ডকাইত ! ৰচিছিল ভয়ংকৰ পৰিকল্পনা