ETV Bharat / state

লখিমপুৰত আৰক্ষীৰ জালত তিনি গভাইত চোৰ, চুৰি সামগ্ৰী উদ্ধাৰ - Crime in Lakhimpur

লখিমপুৰৰ এটা তিনিজনীয়া চোৰৰ দল । এই দলটোৱে দীর্ঘদিন ধৰি সাধাৰণ ৰাইজৰ লগতে আৰক্ষীৰো নিদ্ৰাহৰণ কৰি আছিল । আৰক্ষীৰ লোকো সাৰি যোৱা নাছিল এই গেংটোৰ দৃষ্টিৰ পৰা । অৱশেষত দিন বেয়া হ'ল এই গেংটোৰ ।

Crime in Lakhimpur
লখিমপুৰত গ্ৰেপ্তাৰ তিনি গভাইত চোৰ
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:42 PM IST

লখিমপুৰত গ্ৰেপ্তাৰ তিনি গভাইত চোৰ

লখিমপুৰ, ৯ জানুৱাৰী : লখিমপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি গভাইত চোৰক । তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ পিচতে উদ্ধাৰ হৈছে চুৰি সামগ্ৰী । উল্লেখ্য় যে তিনিজনীয়া গভাইত চোৰৰ দলটোৱে দীর্ঘদিন ধৰি চুৰি কাৰ্যৰে লখিমপুৰত সন্ত্ৰাস চলাই আহিছিল । কিছুদিনৰ পূৰ্বে দলটোৱে হাত দিলেগৈ লখিমপুৰৰ বোৱালগুৰি নিবাসী ভূপেন বুঢ়াগোহাঁই নামৰ অৰুণাচল প্ৰদেশৰ আৰক্ষীত কৰ্মৰত লোকজনৰ সম্পত্তিত । কৌশলেৰে তেওঁৰ ঘৰৰ পৰা ভালেমান সামগ্রী চুৰি কৰিবলৈ সক্ষম হ'লেও কপাল বেয়া আছিল গেং অৱ থ্ৰিৰ ।

ভূপেন বুঢ়াগোহাঁইৰ ঘৰৰ সেই চুৰি ঘটনাৰ বাবে লখিমপুৰ সদৰ থানাত ৰুজু হোৱা ৩৬১/২০২৩ নম্বৰৰ গোচৰ মৰ্মে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখে । অৱশেষত যোৱা সোমবাৰে নিশা আৰক্ষীৰ জালত পৰে গেং অৱ থ্ৰি । এই তিনি গভাইত চোৰ হৈছে বিশ্বজিৎ দাস ওৰফে ডিচি, বিশ্বজিৎ বৰা আৰু ৰাজীবুৰ ৰহমান । তিনিওৰে ঘৰ লখিমপুৰত বুলি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই সদৰী কৰিছে ।

আৰক্ষীয়ে তিনিটা চোৰক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰিছে । চোৰ তিনিটাৰ পৰা আৰক্ষীয়ে এটা টিভি, এটা ইনভাৰ্টাৰৰ বেটেৰী, এটা ইনভাৰ্টাৰ, দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰ, এটা মোবাইল, ভালেখিনি কাহৰ বাতি, কাহি, বটা, ঘটি আদি উদ্ধাৰ কৰে । আৰক্ষীয়ে চোৰৰ গেংটোৰ পৰা এই পৰ্যন্ত ৭০ শতাংশ চুৰি সামগ্ৰী উদ্ধাৰ কৰিব পাৰিছে বুলি উল্লেখ কৰিছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই । জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই জনোৱা মতে চোৰৰ গেংটোৰ দুস্কাৰ্য সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে ।

লগতে পঢ়ক:ৰে’ল বিভাগৰ উচ্ছেদক লৈ মৰিয়নীত উত্তপ্ত পৰিস্থিতি; ৰে’লৰ আগত পৰি প্ৰাণ দিয়াৰ হুংকাৰ ভুক্তভোগীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.