ETV Bharat / state

২০১৯ চনতে টেট উৰ্ত্তীণ একাংশ প্ৰাৰ্থীৰ আজিও নহ’ল নিযুক্তি - There is no appointment of some TET candidate in 2019

শেহতীয়াকৈ পুনৰ মুকলি হৈছে টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়াৰ লগতে পুনৰ টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিজ্ঞাপন ৷ যাৰ বাবে উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী ৷ কিন্তু 2019 চনতে টেট উৰ্ত্তীৰ্ণ হৈ আজিও নিযুক্তি লাভ কৰা নাই একাংশ প্ৰাৰ্থীয়ে ৷

there-is-no-appointment-of-some-tet-candidate-in-2019
লখিমপুৰত ২০১৯ চনতে টেট উত্তীৰ্ণ হৈ নিযুক্তি নোপোৱা প্ৰাৰ্থীৰ সংবাদমেল
author img

By

Published : Sep 19, 2021, 8:14 PM IST

লখিমপুৰ,19 ছেপ্টেম্বৰ : আজিও নিযুক্তি হোৱা নাই 2019 চনতে টেট উত্তীৰ্ণ শ শ প্ৰাৰ্থীৰ ৷ শিক্ষা বিভাগৰ নিয়োগ নীতিৰ আসোঁৱাহৰ বাবেই বঞ্চিত হৈ ৰ'ল ৰাজ্যৰ হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী ৷ প্ৰাথমিক, উচ্চ প্ৰাথমিক আদিৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ তিনি বছৰ ধৰি নিযুক্তিৰ পৰা বঞ্চিত হৈ চৰম দুখত ভাগি পৰিছে ৰাজ্যৰ শ শ প্ৰাৰ্থী ৷ 2019 ৰ পাছত তিনিবাৰ বিজ্ঞাপন প্ৰকাশ হ'ল যদিও নিযুক্তি নহ’ল এই সকল উত্তীৰ্ণ প্ৰাৰ্থীৰ ৷

লখিমপুৰত ২০১৯ চনতে টেট উত্তীৰ্ণ হৈ নিযুক্তি নোপোৱা প্ৰাৰ্থীৰ সংবাদমেল

দেওবাৰে লখিমপুৰত 2019 চনতে টেট উত্তীৰ্ণ একাংশ প্ৰাৰ্থীয়ে এক সংবাদমেল সম্বোধন কৰি তেওঁলোকক অচিৰেই নিযুক্তি দিয়াৰ আহ্বান জনায় ৷ অশেষ কষ্টৰে পঢ়াশুনা কৰি টেট উত্তীৰ্ণ হোৱাৰ পিছতো নিযুক্তি লাভ নকৰাত তেওঁলোকৰ দুৰ্বিসহ জীৱন যাত্ৰা আৰু শিক্ষক হোৱাৰ হেঁপাহৰ কথা সুঁৱৰি সংবাদ মেলতে উচুপি উঠে একাংশ বঞ্চিত প্ৰাৰ্থী ৷ লগতে তেওঁলোকে হাতযোৰ কৰি চৰকাৰক নিযুক্তিৰ বাবে কাতৰ আহ্বান জনাইছে ৷

যি কোনো প্ৰক্ৰিয়াৰে তেওঁলোকক নিযুক্তি দি তেওঁলোকক দুৰ্বিসহ জীৱনৰ পৰা মুক্তি দিয়াৰ লগতে শিক্ষক হোৱাৰ সপোন সাৰ্থক কৰিবলৈ চৰকাৰ আৰু শিক্ষা বিভাগলৈ আহ্বান জনায় ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰ অথবা শিক্ষা বিভাগে এই সকল দুৰ্ভগীয়া প্ৰাৰ্থীৰ মৰ্মবেদনা উপলদ্ধি কৰি কাৰ্যকৰী ব্য’স্থা গ্ৰহণ কৰিবনে ? প্ৰাৰ্থী সকলৰ সন্মুখত এই সময়ত এইয়া এক উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক : কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্ৰাস সন্দৰ্ভত দীনেশ বিহানীৰ সৈতে আছুতীয়া সক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.