ETV Bharat / state

নাৰায়ণপুৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰয়াস - পুথিভঁৰাল নিৰ্মাণ

দৰিদ্ৰ ল'ৰা-ছোৱালীৰ হকে এটি পুথিভঁৰাল নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰে অনুষ্ঠানটোৱে ৷ বৰ্তমান সেই সংকল্প এতিয়া বাস্তৱলৈ ৰূপান্তৰিত হৈছে ৷ নাৰায়ণপুৰৰ বৰপথাৰৰ হৃদয়বান ব্যক্তি অনিল বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে দান দিয়া মাটিতে নিৰ্মাণ কৰা হৈছে "বৰ্ণবিন্যাস" নামৰ পুথিভঁৰালটো ৷ বিভিন্ন পাঠ্যপুথিৰ লগতে একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত সকলো প্ৰয়োজনীয় পাঠ্যপুথি উপলব্ধ হ'ব "বৰ্ণবিন্যাস"ত ৷

The exceptional efforts of the meritorious students of Narayanpur
নাৰায়ণপুৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰয়াস
author img

By

Published : Oct 19, 2020, 3:38 PM IST

বিহপুৰীয়া, 19অক্টোবৰঃ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰৰ কেইগৰাকীমান মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰয়াস ৷ কেৱল পঢ়াৰ মাজতে নিজক সীমাৱদ্ধ নাৰাখি সমাজৰ হকে কাম কৰাৰ মানসেৰে আগবাঢ়ি আহিছে ছাত্ৰ-ছাত্ৰী কেইগৰাকী ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে সামাজিক মাধ্যম "হোৱাটছএপ"ত এটা বিশেষ গ্ৰুপ খুলি নাম দিলে "আমি আপোনাৰ বাবে" ৷ "জীৱন জিন্দাবাদ" বুলি শ্ল'গানেৰে সামাজিক মাধ্যমৰ অনুষ্ঠানটোৱে সমাজৰ বাবে কৰি গ'ল ইটোৰ পিছত আনটো কাম ৷ অনুষ্ঠানটোৰ পুঁজিৰ বাবে প্ৰত্যেকেই দৈনিক 1 টকাকৈ জমা কৰি মাহত 30 টকা জমা কৰিলে ৷ এই পুঁজিৰে সমাজসেৱাত ব্ৰতী হ'ল অনুষ্ঠানটো ৷ ক্ৰমান্বয়ে অনুষ্ঠানটোৰ সৈতে জড়িত হৈ পৰিল বহু সংখ্যক ব্যক্তি ৷

ইয়াৰ পিছতে দৰিদ্ৰ ল'ৰা-ছোৱালীৰ হকে এটি পুথিভঁৰাল নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰে অনুষ্ঠানটোৱে৷ বৰ্তমান সেই সংকল্প এতিয়া বাস্তৱলৈ ৰূপান্তৰিত হৈছে ৷ নাৰায়ণপুৰৰ বৰপথাৰৰ হৃদয়বান ব্যক্তি অনিল বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে দান দিয়া মাটিতে নিৰ্মাণ কৰা হৈছে "বৰ্ণবিন্যাস" নামৰ পুথিভঁৰালটো ৷ বিভিন্ন পাঠ্যপুথিৰ লগতে একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত সকলো প্ৰয়োজনীয় পাঠ্যপুথি উপলব্ধ হ'ব "বৰ্ণবিন্যাস"ত ৷ আনহাতে, অহা ৫ অক্টোবৰত আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ব পুথিভঁৰালটো ৷ তদুপৰি কোনো শুভাকাংক্ষীয়ে পুথিভঁৰালটোৰ বাবে কোনো সহায়-সহযোগিতা আগবঢ়াব বিচাৰিলে ৯১০১৬৫৬৬৬১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অনুষ্ঠানটোৰ বিষয়ববীয়াই ৷

নাৰায়ণপুৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰয়াস

উল্লেখযোগ্য যে, আনতকৈ পৃথক চিন্তাৰে পৰিপুষ্ট মেধাৱী ছাত্ৰ-ছাত্ৰী কেইগৰাকী এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে ৷ সামাজিক মাধ্যমৰ জৰিয়তে গঢ় লৈ উঠা অনুষ্ঠানটোৰ প্ৰশংসনীয় কাম-কাজক সকলোৱে একেমুখে শলাগ লৈছে ৷

লগতে পঢ়কঃপৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.