ETV Bharat / state

অৰুণাচলত অসমৰ চালকক বঞ্চিত কৰাৰ অভিযোগ - অৰুণাচলত অসমৰ টেম্প চালকক বঞ্চিত কৰাৰ অভিযোগ

দুদিন পুৰ্বে লখিমপুৰৰ ৰাজগড় ৰূপহীত অৰুণাচলীয়ে অসমৰ ১২ জন যুৱকক আক্রমণ কৰাৰ ফলত সৃষ্টি হোৱা তীব্র প্রতিক্রিয়া মাৰ নৌ যাওঁতেই পুনৰ অৰুণাচলত অসমৰ শতাধিক টেম্প' চালকক বঞ্চনা কৰাৰ অভিযোগ উঠিছে । সমস্যা সমাধান নকৰিলে অসমৰ পৰা অৰুণাচললৈ যোৱা গেটসমূহ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ চালকৰ(Tempo driver of Assam protest)।

Tempo driver of Assam protest
অৰুণাচলত অসমৰ চালকক বঞ্চিত কৰাৰ অভিযোগ
author img

By

Published : Aug 18, 2022, 10:05 AM IST

লখিমপুৰ, ১৮ আগষ্ট:মাথো দুদিন পুৰ্বে লখিমপুৰৰ ৰাজগড় ৰূপহীত অৰুণাচলীয়ে অসমৰ ১২ জন যুৱকক আক্রমণ কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ অৰুণাচলত শতাধিক অসমৰ টেম্প' চালকক বঞ্চনা(Tempo driver of Assam deprived in Arunachal)কৰাৰ অভিযোগ উঠিছে । অসমৰ লখিমপুৰ জিলাৰ টেম্প' চালকসকলৰ ওপৰত অৰুণাচলীৰ অত্যাচাৰ অব্যাহত থকাৰ অভিযোগ তুলি শতাধিক চালকে বুধবাৰে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । উক্ত প্ৰতিবাদী সভাত টেম্প' চালকসকলে অন্তিম সময়সীমা দিয়ে অৰুণাচলীক ।

অৰুণাচলত অসমৰ চালকক বঞ্চিত কৰাৰ অভিযোগ

উল্লেখ্য় যে যোৱা এবছৰ ধৰি অৰুণাচল প্ৰদেশত অসমৰ টেম্প' চালকৰ ওপৰত আৰুণাচলীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে চালকসকলে । অসমৰ প্ৰায় তিনি শতাধিক যুৱকে নাহৰলগুনত(Driving tempo in Naharlagun)টেম্প' চলাই জীৱন নিৰ্বাহ কৰি আহিছে । টেম্প'ৰ সকলো নথি পত্ৰ থকা স্বত্বেও অৰুণাচলীয়ে অত্যাচাৰ চলায় বুলি তেওঁলোকে অভিযোগ তোলে ।

টেম্প' চালকসকল অসমীয়া হোৱাৰ বাবেই অসমৰ যুৱকক তুচ্ছ-তাচ্ছিল্য কৰি অহা বুলি কয় ক্ষুব্ধ চালকসকল । নিবনুৱা যুৱকসকলৰ এই সমস্যা সমাধানৰ বাবে দাবী জনাইছে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক । এই সমস্যা সমাধান নকৰিলে অসমৰ পৰা অৰুণাচললৈ যোৱা গেটসমূহ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ টেম্প' চালকসকলে । এতিয়া অৰুণাচল চৰকাৰে এই ক্ষেত্ৰত কি ব্য়ৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:আন্দামানৰ কাৰাগাৰ চাবলৈ অসমৰ ১০০০ যুৱক পঠিয়াব চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.