ETV Bharat / state

লখিমপুৰত শিক্ষাবৰ্ষৰ 40 দিনৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান

author img

By

Published : May 11, 2022, 8:35 PM IST

আজিৰে পৰা আৰম্ভ শিক্ষা বিভাগৰ গুণোৎসৱ (Gunotsav 2022) ৷ তেনে সময়তে লখিমপুৰ জিলাৰ চিয়াজুলীৰ এখন চৰকাৰী হাইস্কুলত আজি পৰ্যন্ত আৰম্ভ নহ’ল পাঠদান ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

teaching-has-not-started-even-after-40-days-of-academic-year-in-lakhimpur
লখিমপুৰত শিক্ষাবৰ্ষৰ 40 দিনৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান

লখিমপুৰ, 11 মে’: আজি অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav Assam 2022) ৷ ৰাজ্যৰ প্ৰায় সংখ্যক চৰকাৰী বিদ্যালয়কত শৈক্ষিক দিশৰ আন্তঃগাঠনিৰ মান নিৰূপন কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই গুণোৎসৱ ৷

কিন্তু শৈক্ষিক উত্তৰণৰ বাবে চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ শিক্ষাখণ্ডৰ পুতৌলগা ছবিখন পুনৰ এবাৰ উন্মোচিত হৈছে (Poor school infrastructure in Lakhimpur ) । প্ৰত্যেকদিনাই শিক্ষাখণ্ডৰ উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে দেখিবলৈ পোৱা গৈছে লখিমপুৰ জিলাৰ চিয়াজুলীৰ এখন চৰকাৰী হাইস্কুলৰ পুতৌলগা ছবি ৷

বিদ্যালয়খন হৈছে লখিমপুৰ চৰকাৰী আদৰ্শ হাইস্কুল । শিক্ষাৰ ক্ষেত্ৰত বহু পৰিমানে পিছপৰা ৰাজ্যৰ চাহ বাগিছাসমূহৰ নৱ-প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চিয়াজুলীতো শিক্ষা বিভাগে নিৰ্মাণ কৰিছিল এই কোটিটকীয়া আদৰ্শ হাইস্কুলখন ।

সেইমতে স্কুলখনত শিক্ষা গ্ৰহণ কৰিবলৈ নামভৰ্তি কৰিছিল শতাধিক ছাত্ৰ ছাত্ৰীয়ে ৷ কিন্তু শিক্ষা বিভাগৰ ব্যৰ্থতা নে আন কিবা বিড়ম্বনা, নতুন শিক্ষাবৰ্ষৰ 40 দিন অতিক্ৰম কৰা স্বত্বেও স্কুলখনত এই পৰ্যন্ত আৰম্ভ নহ’ল পাঠদান ।

অকল এয়াই নহয় শিক্ষাৰ্থীৰ বহিবলৈ অভাৱ ডেস্ক-বেঞ্চৰ (No basic amenities in school) । ফলত স্কুলখনলৈ প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকল আহে ঠিকেই, কিন্তু পাঠ গ্ৰহণ নকৰাকৈয়ে যাব লগা হয় উভতি । উপায়হীন শিক্ষকসকলেও পুৱাৰ প্ৰাৰ্থনা সম্পন্ন হোৱাৰ পিছতেই থিয় হৈয়ে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ৰেজিষ্টাৰ লৈ উভতাই পঠিয়াই ছাত্ৰ-ছাত্ৰীকসকলক ।

প্ৰতিটো দিশৰে উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে এই বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা উপলব্ধি কৰিবলৈ সক্ষম হ’বনে ? ইফালে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত অতি সোনকালে পাঠদান কাৰ্য আৰম্ভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাজ্যৰ শিক্ষা বিভাগক ৷

লগতে পঢ়ক : গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.