বিহপুৰীয়া, অক্টোবৰ 22 : ধলপুৰৰ ঔষধ ব্যৱসায়ীৰ হাতত প্ৰহৃত হ’ল টাই ভাষা-সংস্কৃতিৰ সাধক যজ্ঞেশ্বৰ লিগিৰা ৷ ধলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ সন্মুখত পদ পথত তামোল-পাণৰ ব্যৱসায় কৰি পৰিয়াল পোহ দিয়া যজ্ঞেশ্বৰ লিগিৰাক সমীপৰ "বৰুৱা মেডিকেল"ৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই যোৱা নিশা কেইবাজনো গুণ্ডা লগত লৈ প্ৰহাৰ কৰাৰ লগতে কাঢ়ি নিয়ে প্ৰায় দহ হাজাৰ টকা ৷
চিকিৎসালয় সন্মুখৰ পদপথত তামোল-পাণৰ দোকান দিয়াৰ বাবে বৰুৱা মেডিকেল হল নামৰ ফাৰ্মাচীখন গ্ৰাহকে দেখা নোপোৱাৰ অচিলা লৈ জয়ন্ত বৰুৱাই আক্ৰমণ কৰে যজ্ঞেশ্বৰ লিগিৰাক ৷ উপৰ্যুপৰি চলোৱা আক্ৰমণত মুখ মণ্ডলৰ লগতে পিঠি আৰু কঁকালত আঘাত পোৱা হোৱা লোকজনক কাষতে থকা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় ৷ ঘটনা সন্দৰ্ভত ধলপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে লোকজনে ৷
উল্লেখ্য যে, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও বঁটাৰে সন্মানিত হৈছে টাই সংস্কৃতিৰ সাধক যজ্ঞেশ্বৰ লিগিৰা ৷ টাই ভাষা-সংস্কৃতিৰে চহকী লোকজনক আক্ৰমণৰ ঘটনাক গৰিহনা জনাই দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে পূৰ্বাঞ্চল টাই সাহিত্য সভা ,টাই আহোম ছাত্ৰ সন্থা আৰু লাচিত সেনাই ৷ দোষীক শাস্তি প্ৰদান নকৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনকেইটাই ৷
পৰিতাপৰ কথা যে, টাই ভাষা-সংস্কৃতিৰ একান্ত সাধক গৰাকীয়ে অৰ্থৰ অভাৱত পদপথত এইদৰে তামোল-পাণৰ দোকান দি পৰিয়াল পোহপাল দি আহিছে অতদিনে ৷ তাৰ পাচতো এনে এজন লোকৰ ওপৰত আক্ৰমণ চলাবলৈ কুণ্ঠাবোধ নকৰিলে জয়ন্ত বৰুৱা নামৰ ব্যৱসায়ীগৰাকীয়ে ৷ এই ক্ষেত্ৰত প্ৰশাসনে কি ভূমিকা পালন কৰে সেইয়া লক্ষণীয় হ'ব ৷