ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে লখিমপুৰত SUCI ৰ প্ৰতিবাদ

বজাৰত জুই । খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ চকু কপালত উঠাৰ দৰে অৱস্থা হৈছে ৰাইজৰ । নিৰ্বিকাৰ চৰকাৰ । পেট্ৰ'ল-ডিজেলৰ লগতে খাদ্য সামগ্ৰীৰ মূল্য়বৃদ্ধি ৰোধত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি লখিমপুৰত ৰাজপথলৈ ওলাই আহিল SUCI(C)ৰ সদস্যসকল ।

author img

By

Published : Nov 2, 2021, 3:01 PM IST

SUCI protest against price hike in Lakhimpur
লখিমপুৰত SUCIৰ প্ৰতিবাদ

লখিমপুৰ, ২ নৱেম্বৰ : অনিয়ন্ত্ৰিতভাৱে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । বজাৰলৈ গৈ ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে খাটিখোৱা লোকসকলে । মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য কঁপাইছে বিভিন্ন দল-সংগঠনে । মঙলবাৰে মূল্যবৃদ্ধি ৰোধৰ দাবীত লখিমপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া(কমিউনিষ্ট)ৰ সদস্যসকলে ।

সংগঠনটোৰ লখিমপুৰ শাখাই নগৰখনত প্ৰতিবাদী সমদল বাহিৰ কৰে । পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৰোধ কৰা, অত্যাৱশ্যকীয় সামগ্রীৰ খুচুৰা আৰু পাইকাৰী উভয়তে পূৰ্ণাংগ ৰাষ্ট্ৰীয় বাণিজ্য প্ৰৱৰ্তন কৰা, অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা বাছৰ ভাড়া ৰোধ কৰা আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

সংগঠনটোৰ সদস্যসকলে লখিমপুৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে সংগঠনটোৰ নেতৃত্বই ।

উল্লেখ্য যে, মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ দৃশ্য এতিয়া প্ৰায়বোৰ জিলাতে সুলভ হৈ পৰিছে । কিয়নো দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকলে প্ৰতিদিনাই বৰ্ধিত মূল্যত সামগ্ৰী ক্ৰয় কৰি জুৰুলা হৈ পৰিছে ।

মহামাৰীসৃষ্ট পৰিৱেশৰ বাবে বহুলোকৰে উপাৰ্জনৰ পথ বন্ধ হোৱাৰ উপক্ৰম হৈছে আৰু এই সমস্যাৰ সৈতে ৰাজ্যবাসীয়ে বিগত বৰ্ষৰ পৰাই যুঁজি আছে । এতিয়া এনে পৰিস্থিতিৰ মাজতে আকাশলংঘী মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে ৰাজ্যবাসীৰ মূৰত । ইফালে মূল্যবৃদ্ধিৰ সন্দৰ্ভত চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ টুলুঙা মন্তব্যয়েও ক্ষোভিত কৰিছে ৰাজ্যবাসীক । কাৰণ ৰাইজে চৰকাৰৰ তৰফৰ পৰা এই সময়ত সকাহ বিচাৰিছে ।

লগতে পঢ়ক: থাওৰাৰ ভোটগণনাক কেন্দ্ৰ কৰি বিজেপি নেতাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.