গুৱাহাটী/লখিমপুৰ, ৩০ জুন : মণিপুৰত ভয়াৱহ ৰক্তাক্ত পৰিস্থিতি সৃষ্টিৰ আঁৰত চৰকাৰৰ ষড়যন্ত্ৰমূলক ভূমিকাৰ বিৰুদ্ধে ৩০ জুনত এছ ইউ চি আই (কমিউনিষ্ট)ৰ কেন্দ্ৰীয় কমিটিয়ে দেশব্যাপী প্ৰতিবাদ দিৱস পালনৰ আহ্বান জনায় । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্যজুৰি জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় । এই উপলক্ষে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় উলুবাৰীস্থ জি এছ ৰোডত । দলৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা দলৰ অৰ্ধশতাধিক কৰ্মী-সমৰ্থকে বেনাৰ আৰু হাতে হাতে প্লেকাৰ্ড লৈ মণিপুৰত অবিলম্বে শান্তি-শৃংখলা ঘূৰাই আনক, ভোটবেংক সৃষ্টিৰ উদ্দেশ্যে বিজেপি চৰকাৰে মণিপুৰত চলোৱা ভ্ৰাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰ পৰাস্ত কৰক, মণিপুৰ জ্বলি থকা অৱস্থাতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীৰৱ কিয়, জবাব লাগে জবাব দিয়ক আদি শ্ল’গানেৰে মুখৰিত এক শোভাযাত্ৰা কৰি জি এছ ৰোডেৰে আগবাঢ়ি যাওঁতে পুলিচে বাধা দিয়ে । প্ৰতিবাদকাৰীসকলে পুলিচৰ বাধা নেওচি আগবাঢ়িবলৈ চেষ্টা কৰোঁতে পুলিচে প্ৰতিবাদী সকলৰ লগত ঠেলা-হেঁচা আৰম্ভ কৰে আৰু বেনাৰ ফালি পেলায় । পুলিচৰ এনে কাণ্ডত প্ৰতিবাদীসকল জাঙুৰ খাই উঠে আৰু জি এছ ৰোডৰ মাজতে বহি পথ অৱৰোধ কৰে আৰু দাবী সম্বলিত শ্ল’গানেৰে উত্তাল কৰি তোলে । ভালেখিনি সময় পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শনৰ পিছত প্ৰতিবাদীসকলৰ আগত বক্তব্য দাঙি ধৰে দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদকমণ্ডলীৰ সদস্য কমৰেড অজিত আচাৰ্যই ।
লখিমপুৰতো দেখা গ’ল Socialist unity center of India ৰ প্ৰতিবাদ ৷ মণিপুৰৰ অগ্নিগর্ভা পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি শুকুৰবাৰে দেশব্যাপী Socialist unity center of India ছ’চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ্ ইণ্ডিয়া- এছ ইউ চি আই য়ে প্ৰতিবাদ দিৱস পালন কৰে । আন ঠাইৰ দৰে লখিমপুৰতো চাবতিত সন্ধিয়াৰ পূৰ্বে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এছ ইউ চি আইৰ লখিমপুৰ জিলা সমিতিয়ে । প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰি সংগঠনটোৰ জিলা সমিতিৰ নেতৃত্বই কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁলোকে কয় ভোট বেংক তৈয়াৰ কৰাৰ বাবে বিজেপিৰ পূৰ্বৰ পৰিকল্পনাৰ ফলতে মণিপুৰ অগ্নিগর্ভা হ’ল । তিনি মে’ৰ পৰা আজিলৈকে প্ৰায় দুমাহ ধৰি মণিপুৰ জ্বলি আছে । ৰাষ্ট্ৰৰ হাতত ক্ষমতা, শক্তি থকাৰ পাচতো মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে কেন্দ্ৰীয় চৰকাৰে । বিজেপিৰ কূট কৌশলৰ বাবেই মণিপুৰৰ পৰিস্থিতি অগ্নিগর্ভা হোৱাৰ অভিযোগ তুলি পৰিস্থিতি স্বাভাৱিক কৰিব নোৱাৰাৰ বাবে প্ৰতিবাদকাৰী নেতৃত্বই কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ দিয়ে ।
উল্লেখনীয় যে, যোৱা ৩ মে' মাহৰ পৰা মণিপুৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰৰ পূৰ্বপৰিকল্পনা আৰু পূৰ্ণ মদতত ভয়ঙ্কৰ সাম্প্ৰদায়িক জুই জ্বলি উঠিছে আৰু সেয়া আজিও জ্বলি আছে। ইতিমধ্যেই কেবা হাজাৰ মানুহ বাস্তচ্যুত হৈছে, শতাধিক মানুহ মৃত্যু মূখত পৰিছে। ব্যাপক লুটপাট আৰু অগ্নি সংযোগ চলিছে। মণিপুৰ যেতিয়া কাৰ্যতঃ জ্বলিছে, তেতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰে নীৰৱ দৰ্শকৰ ভূমিকা লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনকি উদ্বেগ প্ৰকাশ কৰিও কোনো এটা কথা উচ্চাৰণ কৰা নাই। বিজেপিৰ 'ডিভাইড এণ্ড ৰুল' নীতি অনুসৰি আৰু নিজস্ব ভোটবেংক সৃষ্টিৰ বাবে কেন্দ্ৰীয় চৰকাৰে উদ্দেশ্যমূলক ভাৱে এই সাম্প্ৰদায়িক সংঘৰ্ষ চলিবলৈ দিছে।বিজেপি চৰকাৰৰ এনে অপৰাধজনক ভূমিকাৰ বিৰুদ্ধেই আছিল আজিৰ এই সৰ্বভাৰতীয় প্ৰতিবাদ কাৰ্যসূচী ।
লগতে পঢ়ক : Rahul Gandhi Manipur visit : মণিপুৰ ভ্ৰমণৰ মাজতে ৰাহুল গান্ধীৰ আৱেগিক পোষ্ট