ETV Bharat / state

অদম্য শক্তিৰ অধিকাৰী বিহপুৰীয়াৰ অজয় শীল

বিহপুৰীয়াৰ অজয় শীল নামৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিজৰ কৰ্মৰ পৰিচয় দি হৈ পৰিছে বহুজনৰ আদৰ্শ ৷

author img

By

Published : Aug 4, 2020, 8:53 PM IST

Story of a differently abled person of Bihpuria
অদম্য শক্তিৰ অধিকাৰী বিহপুৰীয়াৰ অজয় শীল

বিহপুৰীয়া, 4আগষ্টঃ বিহপুৰীয়াৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ নাম অজয় শীল ৷ প্ৰথম অৱস্থাত বিহপুৰীয়াৰ ৪ নং ৱাৰ্ডৰ এইজন ব্যক্তিৰ জীৱন থিকেই চলি আছিল কিন্তু 12বছৰৰ পূৰ্বে এক দুৰাৰোগ্য ব্যাধিয়ে কাঢ়ি নিয়ে ব্যক্তিগৰাকীৰ দুচকুৰ জ্যোতি ৷ কিন্তু জীৱনত হাৰ মানিব নিবিচৰা অজয়শীলৰ মনত আছে অদম্য শক্তি ৷ নিজৰ জীৱনৰ ঠিকনা নিজেই বিচাৰি লৈছে এইগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে ৷ তেওঁ খুলি লৈছে এখন মাংসৰ দোকান ৷ য'ত তেওঁ নিজেই সদায় হাঁহ ,মুৰ্গী কাটি বিক্ৰী কৰে ৷ এনেদৰেই তেওঁ এতিয়া পোহপাল দি আছে 8 জনীয়া পৰিয়ালটো ৷ কিন্তু পৰিতাপৰ বিষয় এইয়ে যে, এনে এক দুৰ্বিসহ জীৱন পাৰ কৰাৰ পিছতো সমাজ কল্যাণ বিভাগৰ পৰা পোৱা সামান্য অনুদানৰ বাহিৰে তেওঁ কিন্তু আজিলৈকে পোৱা নাই কোনোধৰণৰ চৰকাৰী সা-সুবিধা ৷

ইফালে তেওঁৰ ঘৰৰ নিচেই কাষতে আছে বিহপুৰীয়াৰ বিধায়কৰ ঘৰ ৷ কিন্তু জীৱনৰ এই কঠিন যুঁজখনৰ যোদ্ধা গৰাকীৰ এপাক খবৰ ল'বলৈ বা উৎসাহ দিবলৈ আহৰি নাই জন প্ৰতিনিধিগৰাকীৰ । অজয় শীলৰ এই জীৱন পৰিক্ৰমা আদৰ্শ হৈ ৰওক আন দহজনৰ বাবে ৷

লগতে পঢ়কঃকিশোৰ কুমাৰৰ 91 সংখ্যক জন্মদিন বিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.