ETV Bharat / state

Heavy storm in Lakhimpur: প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি সাধন লখিমপুৰত

লখিমপুৰত বিয়লি ধুমুহাৰ তাণ্ডৱ ৷ বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে লখিমপুৰত (Heavy storm causes trees to fall in Lakhimpur) ৷

author img

By

Published : Jun 9, 2023, 7:49 PM IST

Heavy storm in Lakhimpur
ধুমুহাৰ তাণ্ডৱ
লখিমপুৰত ধুমুহাত বিস্তৰ ক্ষতি সাধন

লখিমপুৰ, 9 জুন: লখিমপুৰত বিয়লি ধুমুহাৰ তাণ্ডৱ ৷ শুকুৰবাৰৰ দিনটোত হঠাৎ এজাক ধুমুহাই কোবাই যায় লখিমপুৰক ৷ শুকুৰবাৰে বিয়লি অহা এজাক ধুমুহাই লখিমপুৰত বিস্তৰ ক্ষতি সাধন কৰে ৷ প্ৰচণ্ড গৰমত অতীষ্ঠ ৰাইজে এজাক বতাহ বা এজাক বৰষুণৰ কামনা কৰিছিল যদিও বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে লখিমপুৰত ৷ এই ধুমুহাৰ সময়ছোৱাত স্তব্ধ হৈ পৰে জন জীৱন, ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা (Storm causes extensive damage in Lakhimpur) ।

বিয়লি প্ৰায় চাৰিমান বজাত বিধ্বংসী ৰূপ লৈ অহা প্ৰচণ্ড ধুমুহা জাকে লখিমপুৰত এফালৰ পৰা মহতিয়াই লৈ যায় গছ গছনি ৷ ধুমুহাৰ প্ৰকোপত উভালি পৰে কেইবাজোপাও গছ ৷ বিস্তৰ ক্ষয়-ক্ষতি হয় ৰাইজৰ ঘৰ-বাৰীৰ ৷ গছ উভালি পৰাত কেইবাঠাইতো বন্ধ হৈ পৰিছে পথ (Storm causes extensive damage) ৷

নগৰৰ সমীপৰ বোৱালগুৰিত প্ৰকাণ্ড গছৰ ডাল ভাগি পৰি বিস্তৰ ক্ষতিসাধন হয় ৰাইজৰ ৷ এখন ৰখাই থোৱা মালবাহী সৰু ট্ৰাকৰ ওপৰতে গছ বাগৰি পৰাৰ ফলত গাড়ীখন ক্ষতিগ্ৰস্ত হয় ৷ সৌভাগ্য ক্ৰমে সেই সময়ত গাড়ী খনৰ ভিতৰত নথকাৰ বাবে প্ৰাণৰক্ষা পৰে চালকৰ ৷ আনহাতে জনাকীর্ণ হৈ থকা এলেকাটোত গছৰ প্ৰকাণ্ড প্ৰকাণ্ড ডাল ভাগি পৰে যদিও কোনো লোক হতাহত হোৱা নাই (Heavy storm in Lakhimpur) ৷

লগতে গছৰ ডাল ভাগি পৰি এখন চৌহদৰ দেৱাল ভাগি চূৰ্ণাকৃত হয় ৷ এটা পৰিয়ালৰ চৌহদৰ লোৰ গেটৰ ওপৰতে গছৰ ডাল ভাগি পৰাৰ ফলত গেটখন চূৰমাৰ হৈ পৰে ৷ সন্ধিয়াৰ পূৰ্বে এনেদৰে নগৰৰ উপকন্ঠ অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হয় ৷ ইতিমধ্যে ধুমুহাত গছৰ ডাল ভাগি পৰাৰ ফলত ঠায়ে ঠায়ে বিদ্যুৎ সৰবৰাহ ব্যবস্থাও বিছিন্ন হৈ পৰিছে (Storm lashes Lakhimpur) ৷

লগতে পঢ়ক : Assam Silsako Beel Eviction: শিল সাঁকোত উচ্ছেদক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.