ETV Bharat / state

নিৰ্বাচনী কুচ-কাৱাজত নামি পৰিছে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ দাস

author img

By

Published : Oct 28, 2020, 1:09 PM IST

মঙলবাৰে লখিমপুৰৰ এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি বুধবাৰে পুৱাৰ ভাগত ৰাজপথত দলীয় সদস্যৰ সৈতে মৰ্ণিং ৱাক কৰা দেখা গ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসক ৷ নৱেম্বৰ মাহটো বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ মাহ হিচাপে বিবেচিত হোৱা বুলি উল্লেখ কৰি সদস্য অভিযান তীব্ৰ কৰি তোলাৰ কথা সংবাদ মাধ্যমযোগে সদৰি কৰে সভাপতি গৰাকীয়ে ৷

State BJP president Ranjit Das in Bihpuria
নিৰ্বাচনী কুচ-কাৱাজত নামি পৰিছে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ দাস

বিহপুৰীয়া,28 অক্টোবৰ : বুধবাৰে পুৱাৰ ভাগত লখিমপুৰৰ নাৰায়ণপুৰৰ ৰাজপথত দেখা গ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসক ৷ লখিমপুৰৰ এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ নাৰায়ণপুৰৰ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ গেষ্ট হাউছত নিশা যাপন কৰি ৰাজপথত দলীয় সদস্যৰ সৈতে মৰ্ণিং ৱাক কৰে সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

মঙলবাৰে তেওঁ অংশগ্ৰহণ কৰা গেষ্ট হাউছত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰিলে কেইবাগৰাকী কংগ্ৰছ নেতাৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ কেইবাজনো অৱসৰপ্ৰাপ্ত শিক্ষক-অধ্যাপককে ধৰি কৃষক মুক্তি, টিএমপিকেৰ কেইবাজনো সদস্যই ৷

হেমন্ত নেওগৰ মন্তব্য

উল্লেখ্য যে,কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হেমন্ত নেওগে বিজেপি দলত যোগদান কৰাৰ পাছত তেওঁৰ নেতৃত্বত কংগ্ৰেছ শিবিৰৰ কেইবাগৰাকীও নেতাই গেৰুৱা বসন পৰিধান কৰে ৷ বিহপুৰীয়া সমষ্টিত কংগ্ৰেছৰ শক্তিশালী ভেটিত মোক্ষম আঘাট হানি নিজৰ ৰাজনৈতিক ভৱিষ্যত শক্তিশালী কৰিবলৈ চেষ্টা চলোৱা হেমন্ত নেওগ হ’ব পাৰে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ দলীয় প্ৰাৰ্থী ৷

ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি ৰণজিৎ দাসে নৱেম্বৰ মাহটো বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ মাহ হিচাপে বিবেচিত হোৱা বুলি উল্লেখ কৰি সদস্য অভিযান তীব্ৰ কৰি তোলাৰ কথা অৱগত কৰে । লগতে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম সন্দৰ্ভতো মন্তব্য কৰে সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : বিলাসী বাহনতহে ঘূৰে ছাগলী চোৰ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.