ETV Bharat / state

ব্ৰইলাৰ বিতৰ্ক : আকৌ এটা পৰিয়ালক এঘৰীয়া কৰিলে শংকৰ সংঘই - chicken

নাৰায়ণপুৰত ব্ৰইলাৰ মুৰ্গী পোহাৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘই এঘৰীয়া কৰিলে এটা পৰিয়ালক ৷ নাৰায়ণপুৰৰ চৈধ্যপুনিয়া স্থিত জিতু হাজৰিকাৰ পুত্ৰ জ্যোতিপ্ৰসাদ হাজৰিকা আৰু বন্ধু বিশ্বজিৎ বৰুৱাই এমাহ পূৰ্বে ঘৰৰ চৌহদত আৰম্ভ কৰিছিল এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম ৷

ব্ৰইলাৰ মুৰ্গী পালন কৰি শংকৰদেৱ সংঘৰ পৰা বঞ্চিত এটা পৰিয়াল
NARAYANPUR
author img

By

Published : May 21, 2021, 4:19 PM IST

নাৰায়ণপুৰ, ২১ মে': ব্ৰইলাৰ মুৰ্গী পোহাৰ বাবেই সমাজৰ পৰা এঘৰীয়া হ’ল এটা পৰিয়াল । সমাজ বিৰোধী কাম কৰাৰ অভিযোগত সমাজৰ পৰা বঞ্চিত হ'ল এটা পৰিয়াল । এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত । নাৰায়ণপুৰৰ চৈধ্যপুনিয়াৰ নিবাসী জিতু হাজৰিকাৰ পুত্ৰ জ্যোতিপ্ৰসাদ হাজৰিকা আৰু বন্ধু বিশ্বজিৎ বৰুৱাই এমাহ পূৰ্বে ঘৰৰ চৌহদত আৰম্ভ কৰিছিল এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম ৷ সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি মহামাৰী কৰ'ণাই বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে দুই বন্ধুই ফাৰ্মখনৰ যোগেদি স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল ।

কিন্তু বন্ধুদ্বয়ৰ সপোনত যেন অমানিশা নামি আহিল । স্নাতক প্ৰথম বাৰ্ষিকত অধ্যয়নৰত জ্যোতিপ্ৰসাদ আৰু কাৰিকৰী শিক্ষা শেষ কৰা বিশ্বজিতে আৰম্ভ কৰা ফাৰ্মখনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৈধ্যপুনিয়া প্ৰাথমিক শাখাই সমাজ বিৰোধী কাম কৰাৰ অভিযোগ তুলি এঘৰীয়া কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একনিষ্ঠ সেৱক জিতু হাজৰিকাৰ পৰিয়ালক ৷

ব্ৰইলাৰ বিতৰ্ক : এটা পৰিয়ালক এঘৰীয়া কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই

যোৱা ৮ মে'ত সংঘৰ চৈধ্যপুনিয়া প্ৰাথমিক শাখাৰ সভাপতি কোষেশ্বৰ হাজৰিকা আৰু সম্পাদক মহেশ্বৰ দত্তৰ স্বাক্ষৰিত এখন পত্ৰৰ জৰিয়তে জিতু হাজৰিকাৰ পৰিয়ালক এঘৰীয়া কৰাৰ কথা অৱগত কৰে । শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এনে কৰ্ম কাণ্ডই এতিয়া সমগ্ৰ নাৰায়ণপুৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আনহাতে, পুত্ৰৰ স্বাৱলম্বীতাৰ প্ৰয়াসক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ চৈধ্যপুনিয়া প্ৰাথমিক শাখাই জাৰি কৰা আকস্মিক নিষেধাজ্ঞাত হতভম্ব হৈ পৰাৰ লগতে দুখ প্ৰকাশ কৰিছে সেৱক জিতু হাজৰিকাই ৷ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সভাপতি আৰু সম্পাদকৰ হস্তক্ষেপ দাবী কৰিছে ৷

লগতে পঢ়ক: শিলচৰত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.